ডিজিটেল ডেস্কঃ মাজুলীবাসীৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী দলং। দুবাৰকৈ এই দলংখনৰ কাম শুভাৰম্ভ কৰাৰ পাছতো যেন ইয়াক লৈ সৃষ্টি হোৱা অনিশ্চয়তা বা জটিলতা দূৰ হোৱা নাই। বাৰে বাৰে বন্ধ হৈ পৰিছে এই দলংখনৰ নিৰ্মাণৰ কামকাজ।
যোৱা ৫ ছেপ্টেম্বৰৰ পৰা পুনৰ বন্ধ হৈ আছে এই দলংখনৰ নিৰ্মাণৰ কামকাজ। এই সন্দৰ্ভত স্বয়ং মুখ্যমন্ত্ৰীয়ে ইমান দিনে অজ্ঞ হৈ আছিল! দলংখনৰ কাম বন্ধ হৈ পৰা বিষয়টোৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেনে এক আভাসেই পোৱা গৈছে।
ড০ শৰ্মাই লিখিছে -''আমি জানিব পাৰিছোঁ যে লুইতৰ ওপৰত যোৰহাট-মাজুলী দলঙৰ কাম ৫ ছেপ্টেম্বৰৰ পৰা স্থবিৰ হৈ আছে। বিষয়ৰ গুৰুত্বক অনুভৱ কৰি তথা ইতিমধ্যে নির্ধাৰণ কৰা সম্পূর্ণকৰণৰ সময়সীমা অর্থাৎ ডিচেম্বৰ ২০২৫ৰ লক্ষ্যৰ পৰা যাতে আমি বিচলিত হ’ব লগা নহয়, তাৰ বাবে আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীনীতিন গাডকাৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্রেৰণ কৰিছোঁ। এইক্ষেত্রত তাৎক্ষণিক হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছোঁ।''
৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই দলংখনৰ আধাৰশিলা প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰি যোৱাৰ পিছত পৰৱৰ্তী সময়ত ২০২১ ৰ ২৯ নৱেম্বৰত পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত হবিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।
এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্পোৰেচন নামৰ নিৰ্মাণ সংস্থাটোৱে। কিন্তু এই সংস্থাৰ পৰা উপ-ঠিকা লৈ দলংখনৰ নিৰ্মাণৰ কাম কৰি আছিল বি আৰ চি কোম্পানীয়ে।
২০২৫ ডিচেম্বৰ মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এই দলংখন কাম ২০২১ ৰ পৰা এতিয়ালৈকে মাত্ৰ ৩০ শতাংশহে সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণৰ এনে লেহেমীয়া গতি আৰু বাৰে বাৰে কাম বন্ধ হৈ পৰাৰ আঁৰত দুয়োটা নিৰ্মাণ প্ৰতিষ্ঠানৰ মাজৰ আভ্যন্তৰীণ সংঘাত বুলি জানিব পৰা গৈছে। এই দুয়োটা প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ সংঘাতৰ পৰিণাম হয়তো ভূগিবলগীয়া হ'ব মাজুলীবাসীয়ে।
তাতোকৈ গুৰুত্বৰপূৰ্ণ কথাটো হৈছে অভিযোগ অনুসৰি এই দলংখনৰ নিৰ্মাণ কাৰ্যও অতি নিম্ন মানৰ। ইতিমধ্যে এই দলংখনৰ নিৰ্মাণস্থলীৰ পৰা নিৰ্মাণকাৰী বি আৰ চি কোম্পানীয়ে যন্ত্ৰাংশ লৈ গৈছে। এনে পৰিস্থিত মাজুলীবাসীৰ লগতে বিভিন্ন দল,সংগঠনো উদ্বিগ্ন হৈ পৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজহুৱা কৰা তেওঁৰ এই পত্ৰখনৰ পাছত অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বিষয়টোত হস্তক্ষেপ কৰেনে নাই, দলং নিৰ্মাণৰ কাম আগবাঢ়ে নে নাই সেয়া হ'ব লক্ষ্যণীয়।
We have noticed that work on the Jorhat-Majuli bridge over the Brahmaputra has come to a standstill since September 5. I have written to Hon’ble Union Minister Shri @nitin_gadkari Ji requesting his immediate intervention to ensure that we don’t miss the Dec 2025 completion date. pic.twitter.com/jka5UBLtxk
— Himanta Biswa Sarma (@himantabiswa) September 27, 2024
Also Read: ৭৮ টা সমষ্টিত ৪০ হাজাৰো নহ'ল সদস্যঃ শীৰ্ষত মুখ্যমন্ত্ৰীৰ লগতে থাকিল পীযুষ, জয়ন্ত...