ডিজিটেল সংবাদ,কলিয়াবৰ: ৰাজ্যৰ দুখনকৈ চাহ বাগিচাত স্থাপন হ'ব তাৰকাযুক্ত হোটেল। গোলাঘাটৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁৱ জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ ভূমিত স্থাপন হ'ব তাৰকাযুক্ত হোটেল। বাগিচাৰ মালিকৰ পৰা ভূমি লৈ ইণ্ডিয়ান হোটেল কোম্পেনী লিমিটেড (IHCL)ক দিব চৰকাৰে।
ৰাজ্য চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছে কলিয়াবৰৰ কেলিডেনৰ চাহ বাগিচাৰ কৰ্তৃপক্ষই। কেলিডেন চাহ বাগিচাৰ মিছা শাখাত অৱস্থিত প'ল' ক্লাবৰ সমীপতে তাৰকাযুক্ত হোটেলখন নিৰ্মাণৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে স্থান ঠিৰাং হোৱা নাই বুলি সদৰি কৰে কেলিডেন চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক ৰাজশেখৰ দত্তই।
অৱশ্যে IHCL কৰ্তৃপক্ষই বাগিচাখনৰ কেইবাস্থানতো তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে ভূমিৰ জৰীপ চলোৱা বুলিও প্ৰকাশ কৰিছে বাগিচা পৰিচালক গৰাকীয়ে। বাগিচাত নিৰ্মাণ হ'বলগীয়া এই তাৰকাযুক্ত হোটেলে অসমৰ পৰ্যটন উদ্যোগৰ লগতে চাহ পৰ্যটনলৈও সোণালী দিন কঢ়িয়াই আনিব বুলি আশাবাদী সকলো।
ইফালে, চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে। নগাঁও জিলাৰ কেলিডেন চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মাণৰ সিদ্ধান্তক আদৰণি জনোৱাৰ সমান্তৰালকৈ কোনো কাৰণতে যাতে চাহ গছ ধ্বংস কৰি এই প্ৰকল্প স্থাপন নহয় সেই কথাও সকীয়াই দিছে নগাঁও জিলা আটছাই।
লগতে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পৰ হোটেলত চাহ বাগিচাৰ স্থানীয় নিবনুৱাক সংস্থাপিত কৰিবৰ বাবে এক লিখিত চুক্তি কৰাৰো দাবী কৰিছে আটছাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়কে।