অৰুনোদয় আচঁনিৰ নামত দুৰ্নীতি! হিতাধিকাৰীৰ পৰা বিচাৰিল ধন

লংকাৰ কাকীত অৰুনোদয় আচঁনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আঁচনিখনৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে। হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকী ঠাইচুপাৰ পঞ্চায়তত সংঘটিত এই ঘটনা।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ নেতাৰ দুৰ্নীতি!

বিজেপিৰ নেতাৰ দুৰ্নীতি!

ডিজিটেল সংবাদ, লংকা: লংকাৰ কাকীত অৰুনোদয় আচঁনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আঁচনিখনৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে। হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকী ঠাইচুপাৰ পঞ্চায়তত সংঘটিত এই ঘটনা।

অভিযোগ অনুসৰি পঞ্চায়তটোৰ ১২০ বোথৰ সভাপতি তথা বিজেপিৰ নেতা ৰাজকুমাৰ হৰিজনে অৰুনোদই আচঁনিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ একাংশ মহিলা পৰা ১০০০টকাৰ পৰা ২০০০ টকালৈ সংগ্ৰহ কৰিছিল। কিন্তু শেহতীয়াকৈ মহিলা সকলৰ নাম অৰুনোদইৰ আচঁনিত অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে।
ৰাইজৰ অভিযোগ, ৰাজকুমাৰ হৰিজনে দাবী কৰা ধন আদায় নিদিয়াৰ বাবে আচঁনিৰ নাম কৰ্তন কৰিলে বোথ সভাপতিজনে।  এতিয়া ৰাজকুমাৰ হৰিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে কাকী ঠাইচুপাৰ পঞ্চায়তৰ সাধাৰণ ৰাইজে।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰুনোদয় আঁচনিৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

arunudoi scheme corruption arunuday scheme assam corruption