বৰাইটাৰী ১৩৭ নং আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতি...

বৰাইটাৰী ১৩৭ নং আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতি...
User
Published on
Updated on

ডিজিটেল সংবাদ,মানকাচৰ : মানকাচৰৰ গোটাবাৰী গাঁও পঞ্চায়ত এলেকাৰ অধীনস্থ ১৩৭ নং বৰাইটাৰী আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মান কৰিবলৈ আৰম্ভ কৰিছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কেবাটাও অংগনবাদী কেন্দ্ৰ নিৰ্মান কাম চলি আছে। বিশেষকৈ ১৩৭ নং আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত ঠিকাদাৰ জাকিৰ হুচেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে আদৰ্শ অংগনবাদী কেন্দ্ৰখনৰ দুটা খুটা ইটাৰে নিৰ্মান কৰিছে। তদুপৰি কেন্দ্ৰটোৰ চিলিং নিৰ্মাণত কাঠ বা লোৰ পাতি ব্যৱহাৰ কৰিব লাগিছিল বাঁহ ব্যৱহাৰ কৰি চিলিং লগোৱা হৈছে।

বাঁহেৰে চিলিং লগোৱা ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি নিৰ্মীয়মান কেন্দ্ৰটোৰ ঠায়ে ঠায়ে ইতিমধ্যে ফাট ধৰিবলৈ আৰম্ভ হৈছে। বিষয়টোক লৈ স্থানীয় ৰাইজে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰি তদন্তৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in