হাজোত পথ মেৰামতিৰ নামত সাংসদ পুঁজিৰ ব্যাপক লুণ্ঠন ! চি এম ভিজিলেন্সৰ তদন্ত...

হাজোত পথ মেৰামতিৰ নামত সাংসদ পুঁজিৰ ব্যাপক লুণ্ঠন ! চি এম ভিজিলেন্সৰ তদন্ত...

author-image
Asomiya Pratidin
New Update
হাজোত পথ মেৰামতিৰ নামত সাংসদ পুঁজিৰ ব্যাপক লুণ্ঠন ! চি এম ভিজিলেন্সৰ তদন্ত...

হাজোত পথ মেৰামতিৰ নামত সাংসদ পুঁজিৰ ব্যাপক লুণ্ঠন ! চি এম ভিজিলেন্সৰ তদন্ত...

ডিজিটেল সংবাদ হাজোঃ সৰিয়হৰ দুলিতে ভূত! দুৰ্নীতিৰ বিৰুদ্ধে সততে সৰৱ হোৱা খোদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনত ব্যাপক দুৰ্নীতিৰ অভিযোগ। এম পি এল এ ডি ফাণ্ডৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ লোৱা পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি - অনিয়মৰ পোহাৰ মেলি কামৰূপ জিলাৰ হাজো বিধান সভা সমষ্টিত ব্যাপক লুণ্ঠনৰাজ চলোৱা কৰ্ম-কাণ্ড পোহৰলৈ অহাত সম্প্ৰতি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পথ নিৰ্মাণৰ আঁচনিক এতিয়া ধন ঘটাৰহে আহিলালৈ পৰ্যবসিত কৰিবলৈ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে হাজোৰ ৰাইজে। কিয়নো কাম নকৰাকৈ লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে।

তাৰেই জলন্ত নিদৰ্শন হিচাপে চিহ্নিত হৈ পৰিছে হাজো বিধান সভা সমষ্টিৰ ৬ টাকৈ গ্ৰাম্য পথ। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আবন্টিত ধনেৰে হাজোৰ ৬ টা পথ নিৰ্মাণত দেখ দেখকৈ ব্যাপক দূৰ্নীতি - অনিয়ম সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত হাবলাখাৰ ৬ নং উপ পথ নিৰ্মাণৰ বাবদ ১৬ লাখ, চৰাবড়ী কালী মন্দিৰ-নতুন চুপা পথৰ বাবদ ১৫.৬০ লাখ, উত্তৰ কামৰূপ হাইস্কুল চ'ক নৈৰ পাৰ পথৰ বাবদ ১৬ লাখ, শৌলমাৰী ৰবিবৰীয়া বজাৰৰ পৰা জালিয়ত আলীৰ ঘৰলৈ যোৱা পথ নিৰ্মাণৰ বাবদ ১৫ লাখ, ৰতনপুৰ মাদ্ৰাছাৰ পৰা ভেলকৰ পথ নিৰ্মাণৰ বাবদ ১৪.৫০ লাখ আৰু পশ্চিম হাবলাখা ই এন ডি - বৰ্ণি সংযোগী পথ নিৰ্মাণৰ বাবদ ১৪ লাখ টকা আবন্টিত হয়।

প্ৰাপ্ত অভিযোগ অনুসৰি, এই কেইটা পথ নিৰ্মাণৰ ক্ষেত্ৰত আবন্টিত ধনৰ বিপৰীতে কোনো কামৰে অস্তিত্ব বিচাৰি পাবলৈ নাই। এই পথ কেইটা নিৰ্মাণৰ বাবে আবন্টন লাভ কৰিছিল ঠিকাদাৰ অৰূপ কলিতাই।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বিভাগীয় কৰ্তৃপক্ষই এটাও কামৰ চৰজমিন তদন্ত নকৰাকৈ কিয় মোকলাই দিলে লাখ লাখ টকা। পথ কেইটা নিৰ্মাণত ব্যাপক দূৰ্নীতি - অনিয়ম সংঘটিত কৰাৰ দৃষ্টান্ত হাঁহ চোৰৰ মূৰত পাখিৰ দৰে খোদ পথ কেইটি নীৰৱ সাক্ষী হৈ আছে।

কাৰ জেপত সোমাল লাখ লাখ টকা ,ঠিকাদাৰ অৰূপ কলিতাৰ বিভাগীয় বিষয়া-অভিযন্তাৰ উপৰি সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে কিবা গোপন বুজা-পৰা আছে নেকি, ইয়াকে লৈ ৰাইজৰ মাজত চলিছে ব্যাপক চর্চা। ইফালে ব্যাপক দূৰ্নীতি - অনিয়ম সংঘটিত হোৱা পথ কেইটাৰ বাতৰি সংগ্ৰহ কৰিবলৈ সাংবাদিকৰ আগমনৰ উমান পাই ততাতৈয়াকৈ পুনৰ মাটি পেলোৱা পৰিলক্ষিত হৈছে।

তেনে সময়তে বৃহস্পতিবাৰে বিয়লি হাজোৰ হাবলাখাৰ একাংশ বিক্ষুব্ধ ৰাইজে ৰাজপথলৈ ওলাই আহে আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিক্ষুব্ধ ৰাইজৰ অভিযোগ অনুসৰি, উল্লিখিত কোনোটো পথৰে নাম ফলক পাবলৈ নাই।

অন্যহাতে প্ৰতিটো কামৰ বাবে পৃথকে পৃথকে নিৰ্মাণ সমিতি থাকিব লাগে যদিও উল্লিখিত পথ কেইটিৰ কাম মাত্ৰ এখন নিৰ্মাণ সমিতিয়ে কৰিছে বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে। এই ক্ষেত্ৰত ৰাইজে চৰজমিন তদন্ত কৰি লুণ্ঠনকাৰী চক্ৰটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ইফালে উক্ত পথ কেইটি নিৰ্মাণৰ ক্ষেত্ৰত ভেকোভাওঁনা কৰি সমূদায় ধন ঠিকাদাৰ-অভিযন্তাই গো-গ্ৰাসে আত্মসাত কৰা ঘটনা অসমৰ মুখ্যমন্ত্ৰী অৱগত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী বিশেষ দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্ত ঘোষণা কৰে। সেই অনুসৰি আজি দুপৰীয়া চি এম ভিজিলেন্সৰ এটি দল ছৰজমিন তদন্তৰ বাবে হাজোলৈ আহে আৰু উক্ত পথ কেইটিৰ মেৰামতিৰ কোনো চিন-মোকাম নেদেখি হতবাক হৈ পৰে।

এই তদন্তৰ জৰিয়তে লুণ্ঠনকাৰী চক্ৰটোৰ বিৰুদ্ধে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া নিঃসন্দেহে লক্ষণীয় হ'ব।

Also Read: চৌদিশৰ পৰা আদানীৰ বিপদ ! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া...

হাজো অজিত কুমাৰ ভূঞা