গহপুৰৰ কাউৰীপথাৰ সাপ্তাহিক বজাৰ বন্দোবস্তিৰ নামত ব্যাপক অনিয়ম

গহপুৰৰ কাউৰীপথাৰ সাপ্তাহিক বজাৰ বন্দোবস্তিৰ নামত ব্যাপক অনিয়ম
Published on
Updated on

ডিজিটেল সংবাদ,ছয়দুৱাৰ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো চৰকাৰী বিভাগত স্বচ্ছতা অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেলৈ অকণো কেৰেপ কৰা নাই বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে। একাংশ সচেতন ৰাইজৰ অভিযোগ যে,বিশ্বনাথ জিলা পৰিষদ আৰু উক্ত পঞ্চায়তখনে বিভিন্ন দুৰ্নীতি সংঘটিত কৰি আহিছে।

বজাৰ,ঘাটআৰু মীনমহল বন্দোবস্তি দিয়াৰ ক্ষেত্ৰত বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে সংঘটিত কৰি অহা ব্যাপক দুৰ্নীতি আৰু অনিয়মে সীমা চেৰাই যোৱাত ক্ষুব্ধ একাংশ সচেতন নাগৰিক। এইসকল প্ৰতিবাদী ৰাইজে উক্ত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ লিখিত অভিযোগ দাখিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অভিযোগ অনুসৰি গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে পঞ্চায়তখনৰ অন্তৰ্গত মুঠ ২০ খন বজাৰ আৰু ১খন পাৰঘাটৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বন্দোবস্তিৰ বাবে যোৱা ১০/০৫/২০২৩ত চিএপি/২/বজাৰ-ঘাট/অংশ/২০২২-২৩ নং জাননীযোগে নিবিদা আহ্বান কৰিছিল। উক্ত নিবিদাৰ জাননীত উল্লেখ থকা ২০ খন বজাৰৰ ভিতৰত কাৰিবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত মঙলবৰীয়া কাউৰীপথাৰ সাপ্তাহিক বজাৰখনৰ নামটোও সন্নিবিষ্ট আছিল।

ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্য্যবাহী বিষয়া ও পদেন সদস্য অৰুণ কুমাৰ দাস আৰু সভানেত্ৰী ইনু বৰাৰ স্বাক্ষৰ থকা উক্ত জাননীত কাউৰীপথাৰ সাপ্তাহিক বজাৰৰ বাবে নিবিদাৰ চৰকাৰী নিৰিখ ৪,০৯,৬৪১ টকা বুলি উল্লেখ আছিল। উক্ত জাননীত ০১/০৭/২০২৩ পৰা ৩০/০৬/২০২৪ লৈ উক্ত বজাৰ বন্দোবস্তিৰ বাবে নিবিদা আহ্বান কৰাৰ কথা উল্লেখ আছিল।

সেই অনুসৰি উক্ত বজাৰৰ বাবে কেশৱ খৰেলে ১০,৪০,০০০টকা,লুহিত দাসে ১০,০৫,৫১১ টকা,কৃষ্ণ শৰ্মাই ৯,১২,০০০টকা,শৈলেন শইকীয়াই ৭,৯৯,৯৯৯টকা,অমিত খাটিয়ে ৭,৫৫,৫৫৫টকা,জীতেন বসুমতাৰীয়ে ৬,৮১,১৮১টকা,কমল বসুমতাৰীয়ে ৬,৫৫,১৪৮টকা আৰু ব্ৰজেন বৰাই ৪,৮০,৫১০ টকাৰ নিবিদা মূল্যসহ নিবিদাৰ যাৱতীয় প্ৰ-পত্ৰ ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰিছিল।

যোৱা ২০/০৬/২০২৩ত দাখিল কৰা উক্ত নিবিদাসমূহৰ প্ৰ-পত্ৰ একেদিনাই খোলাৰ ব্যৱস্থা কৰে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ কৰ্তৃত্বশীল বিষয়াই। যিহেতু নিবিদা দাখিল কৰা আৰু নিবিদাৰ বন্ধ খাম খোলাৰ আনুষ্ঠানিকতা ইতিমধ্যে যোৱা ২০ জুনতেই সম্পন্ন হৈ গ'ল সেই অনুসৰি বিভাগীয় গাইডলাইন মতে উচ্চ নিবিদাকাৰীয়ে যোৱা ০১/০৭/২০২৩ৰ পৰা ৩০/০৬/২০২৪ লৈকে কাউৰীপথাৰ সাপ্তাহিক বজাৰৰ বন্দোবস্তি পোৱাটো নিয়ম।

কিন্তু এক গভীৰ ৰহস্যজনক কাৰণত সকলো আনুষ্ঠানিকতা সম্পন্ন হৈ যোৱাৰ পিছতো এতিয়ালৈকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে বজাৰ বন্দোবস্তি দিয়া নাই বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত বৈশ্য আৰু চেয়াৰমেন লাবণ্য চায়েঙীয়াৰ লগতে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে। যোৱা বিত্তীয় বৰ্ষৰ সময় উকলি যোৱাৰ পিছতো পুৰণি মহলদাৰজনকে বজাৰখন চলাই যাবলৈ সুবিধা দিয়াৰ আঁৰত লুকাই থকা গভীৰ ৰহস্যৰ সন্দৰ্ভত ক্ষুব্ধ ৰাইজে মুখ্যমন্ত্ৰীক লিখিত আকাৰে জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে উচ্চ মূল্যৰ নিবিদাকাৰীক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি এগৰাকী নিম্ন মুল্যৰ নিবিদাকাৰীক কাউৰীপথাৰ সাপ্তাহিক বজাৰৰ বন্দোবস্তি দিবলৈ কৌশল তৈয়াৰ কৰাৰ বাবেই সময় উকলি যোৱাৰ পিছতো বজাৰ বন্দোবস্তি দিয়াৰ ক্ষেত্ৰত বিলম্ব কৰি আছে বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত বৈশ্যই। এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰো আশংকা কৰিছে সচেতন ৰাইজে।

মুখ্যমন্ত্ৰীক দিবলৈ সাজু কৰা লিখিত অভিযোগত বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে বিভিন্ন বজাৰ বন্দোবস্তিত সংঘটিত কৰি অহা দুৰ্নীতি আৰু অনিয়মৰ বিষয়ে লিপিবদ্ধ কৰাৰ বাবে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিম্ন নিবিদাকাৰীক উক্ত বজাৰৰ বন্দোবস্তি দিলে অসম চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাটো নিশ্চিত বুলি জানিও মুখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত বৈশ্যই ১মাহে বন্দোবস্তিৰ ফাইল পেলাই থোৱাৰ আঁৰত যে গোপন ধনৰ লেনদেনৰ কাৰণ অন্ত:নিৰ্হিত হৈ আছে সেয়া এতিয়া সকলোৱে বুজি উঠিছে।

ৰাজহ সংগ্ৰহ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি অহা চৰকাৰখনৰ এগৰাকী দায়িত্বশীল বিষয়াই নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত চৰকাৰৰ ৰাজহ বৃদ্ধিৰ বিষয়টো গুৰত্বহীন কৰি তোলাত সমগ্র গহপুৰ মহকুমাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে এই অনিয়মটোত সচেতন ৰাইজে মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপ কামনা কৰিছে।

উল্লেখযোগ্য যে বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ পৃষ্ঠপোষকতাত ছয়দুৱাৰৰ টেটোনপুখুৰী আৰু মিছামাৰী সাপ্তাহিক বজাৰ বন্দোবস্তিৰ নামতো ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে। পৰবৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব এই অনিয়মৰ সমস্ত অভিযোগ।

আন এক অভিযোগ অনুসৰি বজাৰ,ঘাট আৰু মীনমহলৰ চৰকাৰী চৰ্তাৱলীৰ প্ৰথম খণ্ডত নিবিদাকাৰী আৰু জমিনদাৰ সংশ্লিষ্ট আঞ্চলিক পঞ্চায়ত এলেকাৰ প্ৰাপ্তবয়স্ক বাসিন্দা হ'ব লাগিব বুলি স্পষ্টকৈ নিৰ্দেশনা আছে। কিন্তু এই নিৰ্দেশনা থকাৰ পিছতো গোপন ধনৰ বিনিময়ত এই নিৰ্দেশনাকো উলংঘা কৰিবলৈ উঠি পৰি লাগিছে বিশ্বনাথ জিলা পৰিষদ আৰু ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তে।

গহপুৰৰ কাউৰীপথাৰ সাপ্তাহিক বজাৰ বন্দোবস্তিৰ নামত ব্যাপক অনিয়ম
গহপুৰৰ বান বিধ্বস্ত ঠাই পৰিদৰ্শনকালত অসুস্থ মহকুমাধিপতি লুকুমণি বৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in