কটনত নাই কোঠালী! ৩ মাহ ধৰি হোৱা নাই ৰাজনৈতিক বিজ্ঞান বিভাগৰ পাঠদান...

কটন বিশ্ববিদ্যালয়ত কোঠালীৰ অভাৱ...
কটনত নাই কোঠালী! ৩ মাহ ধৰি হোৱা নাই ৰাজনৈতিক বিজ্ঞান বিভাগৰ পাঠদান...
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা কৰ্ম-কাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ। কিছু দিন পূৰ্বে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নেকৰ দ্বাৰা 'এ' গ্ৰেডেৰে স্বীকৃতি লাভ কৰা কটন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড।

বিশ্ববিদ্যালয়খনত কোঠালীৰ অভাৱত পাঠদানত ব্যাঘাত জন্মিছে ছাত্ৰ-ছাত্ৰীৰ। জানিব পৰা মতে, কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠা নথকাৰ ফলত বিগত ৩ মাহে ৰাজনৈতিক বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ এটাও ক্লাছ নোহোৱাৰ অভিযোগ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।

অৱশেষত ক্ষুব্ধ হৈ আজি ৰাজনৈতিক বিজ্ঞান বিভাগৰ চৌহদৰ সন্মুখত বহি পৰিছে ৩ মাহে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থকা ছাত্ৰ-ছাত্ৰী সকল। সমস্যা সমাধান নোহোৱা পৰ্যন্ত সেই স্থান ত্যাগ নকৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়খনৰ ৰাজনৈতিক বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে।

কটনত নাই কোঠালী! ৩ মাহ ধৰি হোৱা নাই ৰাজনৈতিক বিজ্ঞান বিভাগৰ পাঠদান...
নিহাৰ ৰঞ্জন দাসৰ বিৰোধিতাৰে ধলাইত বিজেপিৰ ৩০০ কৰ্মীৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in