ডিজিটেল সংবাদ, টংলা : ওদালগুৰি জিলাৰ টংলাত নিশা সংঘটিত হয় গুলী চালনাৰ ঘটনা । মুখত কাপোৰ বান্ধি অহা চাৰি যুৱকে দৰ্জা ভাঙি মঙলবাৰে নিশা প্ৰায় ১১-৩০ বজাত প্ৰৱেশ কৰে ব্যৱসায়ী গৌতম বৰুৱাৰ (৪৩) বাসগৃহত । দুৰ্বৃত্তৰ দলটোৱে উভতি যোৱাৰ সময়ত গুলী চালনা কৰে গৌতম বৰুৱা আৰু তেখেতৰ পত্নী ববিতা বৰুৱাৰ (৩২) ৰ ওপৰত। মুখত ক’লা কাপোৰ বান্ধি অহা চাৰি যুৱকে গৌতম বৰুৱাৰ জালুকবাৰীৰ ঘৰত সোমাই টকা দাবী কৰি মাৰধৰ কৰাৰ পিছত টকা নাপাই উভতি যোৱাৰ সময়ত এটা দুৰ্বৃত্তক গবা মাৰি ধৰাৰ সময়তে দুৰ্বৃত্তটোৱে পিষ্টলৰে গুলীয়াই দিয়াত গৌতম বৰুৱাৰ সোঁহাতত গুলীয়ে ফুটাই পত্নীৰ সোঁহাতত আঘাত কৰে । এই গুলী চালনাৰ ফলত গুৰুতৰ ভাৱে আহত হয় টংলাৰ জালুকবাৰী নিবাসী গৌতম বৰুৱা আৰু ববিতা বৰুৱা ।
পৰিয়ালৰ লোকৰ টনা-আঁজোৰাত দুৰ্বৃত্তকেইটাই পলায়ন কৰে যদিও দুয়োজনকে বচাব চেষ্টা কৰোতে মানৱ ডেকা নামৰ চুবুৰীয়া যুৱক এজনো গুৰুতৰ ভাৱে আহত হয়। নিশা ততাতৈয়াকৈ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে দম্পত্তি হালক উন্নত চিকিৎসাৰ মঙলদৈলৈ প্ৰেৰণ কৰে ।
সম্প্ৰতি দুয়ো সংকটমুক্ত বুলি জানিব পৰা গৈছে যদিও ববিতা বৰুৱাৰ সোঁহাতত সোমাই থকা গুলী উলিয়াব নোৱাৰাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ নিশাই ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত দাস বড়ো, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগুকে ধৰি টংলা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত আৰম্ভ কৰি ঘটনাস্থলীত এটা পইন্ট ৩২ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে এই গুলীচালনাত অনুজ্ঞাপ্ৰাপ্ত পিষ্টল ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰিছে ৷