নতুন নিৰ্দেশনা, হ্ৰাস কৰিলে কভিডৰ দ্বিতীয় পালি ভেকচিন- বুষ্টাৰ ড’জৰ ব্যৱধান…

নতুন নিৰ্দেশনা, হ্ৰাস কৰিলে কভিডৰ দ্বিতীয় পালি ভেকচিন- বুষ্টাৰ ড’জৰ ব্যৱধান…

author-image
asomiyapratidin
New Update
নগাঁৱত কোভিডে প্ৰাণ ল’লে এজনৰ…

ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। দেশত কোৰোনাৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে এক নতুন নিৰ্দেশনা।

এই নিৰ্দেশনাৰ ভিত্তিত হ্ৰাস কৰা হয় কভিডৰ দ্বিতীয় পালি ভেকচিন আৰু বুষ্টাৰ ড'জৰ মাজত ব্যাৱধান। এই ব্যৱধান চৰকাৰে ৬ মাহলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, পূৰ্বতে ইয়াৰ ব্যৱধান আছিল ৯ মাহ। অন্য়হাতে দেশত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিখন ৰাজ্যতে কোৰোনা পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানক যথেষ্ঠ গুৰুত্ব দিয়া হৈছে।

আৰু পঢ়ক: চুইচাইড নোটত এহাল দম্পতীৰ নাম, আৰক্ষীৰ জালত দুয়ো…

covid vaccine CORONA VIRUS