ডিজিটেল সংবাদ,শিলচৰ : বৰাকত আজিও অব্যাহত আছে গো ধনৰ চোৰাং ব্যৱসায় ৷ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ নিশাৰ আন্ধাৰত সৰবৰাহ কৰা হয় চোৰাং গো ধন ৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ বিলাসী বাহনত গো ধন সৰবৰাহৰ কৰাৰ সময়ত মঙলবাৰে নিশা কাছাৰ জিলাত পাচটা চোৰাং গো ধন জব্দ কৰা হয় গোপন তথ্যৰ ভিত্তিত কালাইন থানাৰ উপ পৰিদৰ্শক মানৱ মালাকাৰৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় পাচটা চোৰাং গো ধন ।
এ এছ ১১ টি ৪২৭০ নম্বৰৰ বিলাসী বাহনৰ পৰা জব্দ কৰা হয় গো ধন কেইটা ৷ কালাইনচেৰা চাহ বাগিছাত ৰৈ থকা অৱস্হাত বাহন খনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে গো ধন পাচটা ৷ ইফালে, আৰক্ষীক দেখা মাত্ৰেই পলায়ন কৰে বাহনৰ চালক আৰু সৰবৰাহকাৰী ৷ বৰ্তমান এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷