ঢকুৱাখনা মহকুমাত চি পি আইৰ পথসভা

ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সদস্য তথা কৰ্মকৰ্তাসকলে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে
ঢকুৱাখনা মহকুমাত চি পি আইৰ পথসভা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাত চি পি আইৰ পথসভা। শনিবাৰে অনুষ্ঠিত এই সভাত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সদস্য তথা কৰ্মকৰ্তাসকলে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

ভাৰতীয় জনতা পাৰ্টি আৰু এই দলৰ চৰকাৰ কোনোৱেই ভাৰতীয়ৰ শুভ চিন্তক নহয়। এই দলৰ  চৰকাৰ শাসনত থকা পৰ্যন্ত দেশ আৰু নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত নহয় । সেয়ে দেশ আৰু দেশবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ  বাবে ক্ষমতাৰ গাদীৰ পৰা বিজেপিক উৎখাত কৰাটো অতি জৰুৰী।  এক কথাত "বিজেপি হতাও দেশ বছাও"। সোনাৰী চাপৰি, ঢকুৱাখনা আৰু ঘিলামৰাত তিনিখন পথসভা আৰু পদযাত্রা কাৰ্যসূচী গ্ৰহণ কৰি এই মন্তব্য কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক বিশিষ্ট অধিবক্তা অৰূপ কলিতাই।

চি পি আই দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ আহ্বান ক্ৰমে ঢকুৱাখনা মহকুমাৰ উক্ত তিনিটা স্থানত অনুষ্ঠিত পথসভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সীমাহীন  স্বেচ্ছাচাৰী শাসন,  বৃহৎ পুঁজিপতি গোষ্ঠীৰ পদলেহনকাৰী চৰিত্ৰ আৰু অৰ্থনৈতিক বিধ্বস্ত অৱস্থাৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰি  বক্তব্য আগবঢ়াই চি পি আইৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক অৰূপ কলিতাৰ উপৰিও সহকাৰী সম্পাদক ধীৰেণ কছাৰী, সদস্য অমৰজিৎ প্ৰসাদ, ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈ আদিয়ে। 

বক্তাসকলে গণতন্ত্ৰৰ সুৰক্ষা, সংবিধানৰ  নিৰাপত্তা আৰু দেশ মাতৃৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সকলো বিৰোধী ৰাজনৈতিক শক্তি একত্ৰিত আৰু ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। শাসক দল আৰু চৰকাৰৰ সীমাহীন,অগণতান্ত্ৰিক আৰু জনবিৰোধী কামৰ বিৰোধিতা কৰি বক্তাসকলে সৰ্বাংগীন উন্নয়ন বিকাশ আৰু অৰ্থনৈতিক বুনিয়াদ বিধ্বস্ত কৰি তোলা গেৰুৱা দল আৰু চৰকাৰৰ ভয়ংকৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ  নাগৰিকৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰিবলৈ এনে কাৰ্যসূচী গ্ৰহণ কৰা বুলি সভাত ব্যক্ত কৰে নেতৃবৰ্গই ।

"বিজেপি হতাও-দেশ বছাও" শ্লোগানেৰে পদযাত্ৰা কৰা দলটোৰ নেতৃবৰ্গ আৰু কৰ্মকর্তা সকলে বিৰোধীৰ ভোট বিভাজনৰ বাবেহে গেৰুৱা দলটোৰ ক্ষমতা দখলৰ পথ সুগম হৈ আহিছে বুলি মন্তব্য কৰে। সকলো বিৰোধী ৰাজনৈতিক শক্তি সংঘবদ্ধ হৈ বিজেপিৰ বিৰূদ্ধে গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলি এই সাম্প্ৰদায়িক দলটোক ক্ষমতাৰ পৰা নিৰ্বাসন দিয়াৰ বাবে সাজু হোৱাৰ আহ্বান জনায় নেতৃবৰ্গই।

ঢকুৱাখনা মহকুমাত চি পি আইৰ পথসভা
তামিলনাডুৰ এটি ৰে'লআলিৰ মনোমোহা সৌন্দৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in