ডিজিটেল ডেস্ক: বিহু বুলিলেই অসমীয়াৰ গা সাতখন-আঠখন হৈ পৰে। ৰঙালীয়ে যেন প্ৰতিজন অসমীয়াৰ মন ৰঙীয়াল কৰি আন্তৰিকতা বঢ়াই তোলে। এই আন্তৰিকতাৰ বাবেই প্ৰতিজন অসমীয়া ঢাপলি মেলে নিজৰ হেঁপাহৰ ঘৰ খনলৈ।
এইবাৰো সেই একেই দৃশ্য বাছ আস্থানে আস্থানে। কৰ্মব্যস্ততা এৰি আপোন ঘৰখনলৈ উভতিছে বিভিন্নজন। উজনি-নামনি সৰ্বত্রে ৰঙালীৰ আনন্দত মতলীয়া হৈ হেঁপাহৰ ঘৰলৈ ঢাপলি মেলিছে কৰ্মচাৰী। যান্ত্রিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে।
ইয়াৰ মাজতে বহুতে ইচ্ছা কৰিও উৰুকাৰ দিনা ঘৰলৈ যোৱাৰ সুবিধা পোৱা নাই। সমস্যা হৈছে বাছৰ। উজনিমুৱা প্ৰায় প্ৰতিখন বাছতে এতিয়া ছিটৰ অভাৱ। হেঁপাহৰ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত এতিয়া বাছৰ বাবে হাহাকাৰ কৰিছে বহু জনে।
Also Read: আজি উৰুকা: বজাৰ ভৰিছে থলুৱা সামগ্রীয়ে...