চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন

চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন
Published on
Updated on

ডিজিটেল সংবাদ, নুমলীগড়: চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন। গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ ২নং তেলীয়া গাঁৱত দেখা গৈছে এক সুকীয়া পৰিৱেশ। সাধাৰণতে চাহ জনগোষ্ঠীৰ লোকে চাহ বাগিচাৰ মাজতেই অধিক সময় ব্যস্ত থাকে। কিন্তু দেওবাৰে এক ব্যতিক্ৰমী দৃশ্য দেখা গল এইখন চাহ বাগিচাত।

হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল বৃহত্তৰ মৰঙি অঞ্চল। এক আধ্যাত্মিক পৰিৱেশ সূচনাৰে গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি সকলো লোককে একতাৰ দোলেৰে বান্ধি উঠি অহা প্ৰজন্মক এক সুন্দৰ পথৰ সন্ধান দিয়াৰ প্ৰয়াস এইসকল চাহ জনগোষ্ঠী লোকৰ।

শোভাযাত্ৰাৰ মাজেৰে ভাগৱত ভ্ৰমন কৰি হৰিভক্তিত বিলীন হোৱাৰ প্ৰয়াস কৰিছে চাহ জনগোষ্ঠী লোকসকলে। খোল, শংখৰ লগতে শুনা গ'ন মাদলৰ ধ্বনি। ভাগৱত ভ্ৰমণত চাহ জনগোষ্ঠীৰ লোকনৃত ঝুমুৰ পৰিৱেশনেৰে সম্পূৰ্ণ সুকীয়া পৰিৱেশৰ সৃষ্টি কৰি তুলিছে ২নং তেলীয়া গাঁৱৰ ৰাইজে। সাধাৰণতে চাহ জনগোষ্ঠীৰ অধ্যূষিত গাঁৱত বিৰল এনে দৃশ্যসমূহ আদৰ্শ হৈ উঠক সকলোৰে বাবে তাৰে কামনা কৰিছে মৰঙিবাসী ৰাইজে।

চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন
কণ্ঠশিল্পী সংস্কৃতা মালাকাৰলৈ অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in