নগাঁৱৰ উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ পাখি কাটিলে উপায়ুক্তই…

নগাঁৱৰ উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ পাখি কাটিলে উপায়ুক্তই…

author-image
asomiyapratidin
New Update
নগাঁৱৰ উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ পাখি কাটিলে উপায়ুক্তই…

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ উন্নয়ন আয়ুক্তৰ ক্ষমতা কৰ্তন কৰাৰ ঘটনাই তোলপাৰ লগাইছে নগাঁও জিলা প্ৰশাসনত ৷ জিলাখনৰ প্ৰশাসনিক দিশত বিতৰ্কৰ সূচনা কৰা অসম অসামৰিক সেৱাৰ বিষয়া উদয়াদিত্য গগৈ নগাঁৱৰ উন্নয়ন আয়ুক্ত হৈ আছে ৷ আয়ুক্ত গগৈৰ কাম কাজত ক্ষুন্ন হৈ নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশ যোগে উদয়াদিত্য গগৈৰ ক্ষমতা কৰ্তন কৰিবলৈ বাধ্য হৈছে ৷

জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ১৮ আগষ্টত এক নিৰ্দেশ যোগে জিলা খনৰ উন্নয়ন আয়ুক্তৰ সকলো ক্ষমতাৰ পৰা উদয়াদিত্য গগৈক আতৰ কৰে ৷ জিলাখনৰ সকলোধৰনৰ উন্নয়নমূলক কাম চোৱা চিতা কৰাৰ দায়িত্বত থকা উন্নয়ন আয়ুক্ত গগৈক কামৰ পৰা অব্যাহতি দি নামত উন্নয়ন আয়ুক্তৰ চকীত বহিবলৈ দি সমস্ত কামৰ দায়িত্ব আৰ্পন কৰে এজন অতিৰিক্ত উপায়ুক্তৰ হাতত ৷ উপায়ুক্তৰ এই নিৰ্দেশৰ পিছতে হাহাকাৰ লাগে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ৷

উন্নয়ন আয়ুক্তৰ ক্ষমতা কৰ্তনে নহয় বিষয়া উদয়াদিত্য গগৈৰ হাতত থকা দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া , ৰাজহ আৰু পুনৰ সংস্হাপন দৰে জিলাখনৰ গুৰুত্বপূৰ্ণ বিভাগৰ পৰা ক্ষমতাচ্যূত কৰা হয় ৷ উল্লেখ্য যে ডি ডি এম এ , ৰাজহ আৰু পুনৰ সংস্হাপন আদি বিভাগবোৰ জিলা প্ৰশাসনত অতিৰিক্ত উপায়ুক্তৰ হাতত ন্যস্ত থাকে যদিও বিগত সময়ত লোভনীয় এই বিভাগ উন্নয়ন আয়ুক্ত গগৈয়ে পদমৰ্যদা অবনমিত কৰি দখল কৰি আছিল ৷

অন্যহাতে নগাঁৱতে অতিৰিক্ত উপায়ুক্ত হৈ থকাৰ সময়তে উদয়াদিত্য গগৈয়ে পদ্দোন্নতি লাভ কৰিছিল ৷ পদ্দোন্নতি লাভ কৰাৰ পিচত প্ৰভাব খটুৱাই গগৈয়ে নগাঁৱৰ উন্নয়ন আয়ুক্তৰ চকীত বহিছিল ৷ উন্নয়ন আয়ুক্তৰ চকীত বহি জিলা প্ৰশাসনৰ সকলো লোভনীয় বিভাগ প্ৰভূত্ব খটূৱাই নিজৰ দখললৈ আনিছিল ৷

অতিৰিক্ত উপায়ুক্তই সম্পাদন কৰিব লগা কাম উন্নয়ন আয়ুক্ত গগৈয়ে কৰিবলৈ লোৱাত প্ৰশাসনত চৰম বিশৃংখলতাই গা কৰিছিল ৷ কামৰ অতিৰিক্ত বোজা বব লগা হোৱাত চৰকাৰী ফাইলত স্থবিৰতাই দেখা দিছিল ৷ সমানে দালালৰাজে গা কৰি উঠিছিল ৷ অসমীয়া প্ৰতিদিন ডিজিটেলে এই ঘটনা পোহৰলৈ অনাৰ পিছত দিচপুৰৰ নিৰ্দেশত পূৰ্বৰ উপায়ুক্ত নিসৰ্গ হিবৰেয়ে কিছু ক্ষমতা কৰ্তন কৰিছিল যদিও নগাঁও জিলা প্ৰশাসনক দালাল মুক্ত কৰিব পৰা নাছিল ৷ নগাঁও প্ৰশাসনত চলা অৰাজকতাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী অসন্তুষ্ট হৈ পৰিছিল ৷ ফলত আই এ এছ নিসৰ্গ হিবৰেক নগাঁৱৰ পৰা বদলি কৰিছিল ৰাজ্য চৰকাৰে ৷

পৰবৰ্তী সময়ত আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহ নগাঁৱৰ উপায়ুক্ত হিচাপে যোগদান কৰি নগাঁও জিলা প্ৰশাসনক গতিশীল কৰিবলৈ উঠিপৰি লাগে ৷ লগতে প্ৰশাসনিক বিষয়া সকলৰ কামকাজৰ ওপৰত চোকা নজৰ দিয়া আৰম্ভ কৰে ৷ এই সময়চোৱাত নিজ ক্ষমতাৰে বলিয়ান হৈ থকা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ ওপৰত বিতুষ্ট হৈ পৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷ ফলশ্ৰুতিত উপায়ুক্ত শ্বাহে উন্নয়ন আয়ুক্ত গগৈৰ পাখি কাটি ১৮ আগষ্টত চৰকাৰী নিৰ্দেশ বাহিৰ কৰে ৷

assam govt hbs nagaon dc office