ডিজিটেল সংবাদ,ৰঙিয়া : শিৱসাগৰত অসমীয়াক কৰা চৰম অপমানৰ বাবে আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হোৱা পৰিস্থিতিৰ মাৰ নৌযাওতেই ৰঙিয়াত বহিৰাগত অনা অসমীয়া ব্যৱসায়ীৰ দাদাগিৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে ৰঙিয়াৰ ষ্টেচনৰ ৰোডত থকা হাৰিয়ানাৰ ব্যৱসায়ী এগৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান দীৰ্ঘদিনৰ পৰা চলাই আহিছিল।
কিন্তু কাষৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ অসমীয়া ব্যৱসায়ীক গালি গালাজ কৰাত ৰাইজে উপস্থিত হৈ অনা অসমীয়া হাৰিয়ানাৰ ব্যৱসায়ীগৰাকীক পহুখেদা দিয়ে । ঘটনাৰ বিৱৰণী অনুসৰি অনা অসমীয়া ব্যৱসায়ীগৰাকীয়ে অসমীয়া ব্যৱসায়ীগৰাকীক সাম্প্ৰদায়িক তথা জাতিক ধৰি কুটু মন্তব্য কৰাৰ বাবে স্থানীয় ৰাইজৰ ৰোষৰ বলি হ’ব লগা হয়।
ৰঙিয়াৰ ৰেলৱে ষ্টেচন এলেকাত ব্যৱসায়িক প্ৰতিষ্ঠান চলোৱা হাৰিয়ানাৰ ব্যৱসায়ীগৰাকীৰ নাম সুৰেন্দৰ শৰ্মা। ইয়াৰ পিছতে আৰক্ষী লোক উপস্থিত হোৱাত ঘটনাৰ সাম কাটে যদিও ২৪ ঘন্টাৰ ভিতৰত আঁঠু কাঢ়ি ক্ষমা নুখুজিলে প্ৰতিবাদৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনাই।