ডিজিটেল সংবাদ,কলিয়াবৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত এম্বুলেঞ্চৰ ৰূপত ব্যৱহাৰ হৈছে ঠেলাগাড়ী। পথৰ দুৰৱস্থাৰ বাবে ঠেলাত চিকিৎসালয়লৈ নিব লগা হৈছে ৰোগীক।
পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে কলিয়াবৰ মহকুমাৰ হাতীগাওঁ বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাটবাগানবাসী ৰাইজে। ৭০ ঊৰ্দ্ধৰ এগৰাকী বৃদ্ধ মহিলাক গাওঁবাসীয়ে ঠেলাগাড়ীৰে প্ৰায় ২ কিলোমিটাৰ পথ ঠেলাত উঠাই চিকিৎসালয়লৈ নিয়ে।
স্থানীয় ৰাইজে জানিবলৈ দিয়ে মতে পথছোৱাৰ দুৰৱস্থাৰ বাবে ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চো নাহে অঞ্চলটোলৈ। সেয়েহে ঠেলাকেই এম্বুলেঞ্চ হিচাপে ব্যৱহাৰ কৰিছে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰৰ পিচতো গড়কাপ্তানী বিভাগৰ অন্তৰ্গত এই পথটোৰ দুৰৱস্থাত বৰ্তমান জীয়াতু ভুগিব লগা হৈছে কলিয়াবৰৰ হাটবাগান, নিজৰি আদি অঞ্চলৰ ৰাইজে। নিজৰিৰ পৰা হাটবাগান সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে চাইকেল, মটৰ চাইকেল দূৰৰে কথা, খোজকাঢ়ি যোৱাতো অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ।
আনহাতে উক্ত পথটোৰে ১০৮ সেৱাৰ এম্বুলেঞ্চো সোমাব নোৱাৰে। সেয়েহে ৰোগীক ডাংকোলা কৰি নাইবা ঠেলাগাড়ীৰে চিকিৎসালয়লৈ নিব লগা হৈছে। বিগত ২০ বছৰৰো অধিক সময় পথছোৱাৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতে বিপদত পেলাইছে অঞ্চলবাসীক।
উক্ত পথছোৱা বাৰিষা কালত ঠায়ে-ঠায়ে একাঠু পৰ্যন্ত বোকাময় হৈ পৰে। সেয়েহে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক স্থানীয় ৰাইজে পথছোৱা মেৰামতি কৰি দিবলৈ অনুৰোধ জনাইছে।