ডিজিটেল সংবাদ, দুমুনিচকী :- প্ৰায় ৫৫ বছৰ বয়সীয়া পুৰুষৰ কামনাৰ বলি হ'ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। শুনি আশ্চৰ্য্যবোধ হ'লেও এয়াই সত্য। কেৱল এয়াই নহয়, আনকি মৰম কৰাৰ চলেৰে নিজৰ অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰা ছাত্ৰীগৰাকীৰ মাকে চিকিৎসালয়ত স্বাস্থ্যপৰীক্ষা কৰোৱাৰ পিছতে মানৱ ৰূপী দানৱে সংঘটিত কৰা নিকৃষ্ট কাণ্ডৰ বিষয় পোহৰলৈ আহে।
সভ্য সমাজক লজ্জানত কৰা উক্ত ঘটনা সংঘটিত হৈছে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়াদৈ গাঁৱত। নিজৰ নাতি-নাতিনীৰ বয়সৰ ছাত্ৰী গৰাকীক মৰম কৰাৰ চলেৰে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰি সম্প্ৰতি ৰঙা ঘৰৰ আলহী হৈছে বুঢ়াদৈ গাঁৱৰ ৰতিৰাম নাথ নামৰ লম্পটটোৱে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে বালিকুচি গাঁৱৰ ছাত্ৰী গৰাকী হঠাতে অসুস্থ হৈ পৰাত বেজেৰা সামুসিক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰাবলৈ মাকে যোৱ ৭ ছেপ্তেম্বৰত চিকিৎসকৰ ওচৰলৈ লৈ যায়। চিকিৎসকে ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি মাকক অন্তঃসত্যা হোৱা বুলি অৱগত কৰে।
চিকিৎসকৰ কথা শুনি হতবাক হৈ পৰা মাকে ঘৰত আহি ছাত্ৰী গৰাকীৰ পৰা এই বিষয়ে জানিব বিচাৰাত ছাত্ৰী গৰাকীয়ে মাকক সকলো কথা অৱগত কৰে। ফলত মাকে বুঢ়া আৰক্ষী চকীত পিছ দিনা এখন এজাহাৰ দাখিল কৰে। সেই মৰ্মে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই ৩৮৭/২২ নং যোগে এটা গোচৰ ৰুজু কৰি বুঢ়াদৈ গাঁৱৰ ৰতিৰাম নাথ নামৰ এজন লোকক আটক কৰে।
আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি অভিযুক্ত ৰতিৰাম নাথক কালি জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যোগ্য যে স্বাস্থ্য পৰীক্ষাৰ জৰিয়তেহে পোহৰলৈ অহা উক্ত ঘটনা সম্পৰ্কে ছাত্ৰী গৰাকীয়ে নিজৰ পিতৃ মাতৃৰ পৰা গোপন কৰাৰ আঁৰৰ ৰহস্য সন্দৰ্ভত স্বাভাবিকতে সন্দিহান হৈ পৰিছে বুঢ়াদৈ গাঁৱৰ ৰাইজ।
ইয়াৰ উপৰি ভুক্তভোগী ছাত্ৰী গৰাকীৰ বাসগৃহলৈ একাংশ পুৰুষৰ লগতে জনৈক ছিৰাজ আলী নামৰ লোক এজনৰ সৈতে সন্দেহ জনক ভাবে ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি স্থানীয় সচেতন পুৰুষ মহিলা উভয়ে অভিযোগ উত্থাপন কৰে।
ইফালে আটকাধীন অভিযুক্ত ৰতিৰাম নাথৰ উপৰি ছাত্ৰীগৰাকীৰ পৰিয়ালৰ সৈতে সন্দেহজনক ভাবে সম্পৰ্ক কৰি অহা জনৈক ছিৰাজ আলী নামৰ লোকজনকো সোধ-পোচ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ লগতে দৰং জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছে।