দৰং জিলা কংগ্ৰেছ কমিটিৰ সংবাদ মেল

সংবাদ মেলখনত দেশৰ বৰ্ধিত মূল্যবৃদ্ধি,নিবনুৱা সমস্যা সমাধান নোহোৱাৰ অভিযোগ কৰে কংগ্ৰেছে

author-image
Asomiya Pratidin
New Update
দৰং জিলা কংগ্ৰেছ কমিটিৰ সংবাদ মেল

ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলা কংগ্ৰেছ কমিটিৰ সংবাদ মেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আদানী সম্পৰ্কে এই সংবাদ মেল। বুধবাৰে মঙলদৈ ৰাজীৱ ভৱনত দৰং জিলা কংগ্ৰেছ কমিটিয়ে জিলা সভাপতি মাধৱ ৰাজবংশীৰ নেতৃত্বত এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলখনত দেশৰ বৰ্ধিত মূল্যবৃদ্ধি,নিবনুৱা সমস্যা সমাধান নোহোৱাৰ অভিযোগ কৰে কংগ্ৰেছে। আদানীৰ চেয়াৰ নামি অহাৰ বাবে এল আই চি আৰু ষ্টেট বেংকৰ যি ক্ষতি হৈছে সেয়া চৰকাৰে দ্ৰব্য মূল্য বৃদ্ধি কৰি জনসাধাৰণৰ পৰা সংগ্ৰহ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে সংবাদ মেলতখনৰ জড়িয়তে।

বিজেপিয়ে সাম্প্ৰদায়িক মনোভাবেৰে দেশখন ভাগ ভাগ কৰি নিবনুৱা সমস্যা সমাধান নকৰি দ্ৰব্য মূল্য বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ মাৰিছে বুলিও কয়। প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ সময়ত চুইচ বেঙ্কত ভাৰতীয় লোকৰ অবৈধ টকাসমূহ বাজেয়াপ্ত কৰি জনসাধাৰণক দিয়াৰ কথা কি হ'ল উত্তৰ বিচাৰে।

লগতে উল্লেখ কৰে যে, ব্যক্তিগত লাভালাভৰ বাবে দেশৰ ৰাজহুৱা সম্পত্তিসমূহ আপোন ব্যৱসায়িক বিক্ৰী কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এনে বহু কেইটা অভিযোগ তুলি ৰাজ্যিক কংগ্ৰেছৰ লগতে দৰং জিলা কংগ্ৰেছ কমিটিয়ে জিলা ৰাজীৱ ভৱনত এই সংবাদ মেল সম্বোধন কৰে।

Also Read: ৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন

congress press meet