মঙলদৈত 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্মদিন পালন...

'কাঠনিবাৰী ঘাট' গল্পৰ জৰিয়তেই শ্ৰেষ্ঠ সাহিত্যকৰ আসন লাভ কৰিছিল মহিম বৰাই' : ড০ ৰাম চন্দ্ৰ ডেকা
মঙলদৈত 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্মদিন পালন...
মঙলদৈত 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্মদিন পালন...
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, সাহিত্যাচাৰ্য , সাহিত্য অকাডেমি বঁটা প্ৰাপক পদ্মশ্ৰী,'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্ম দিনটো দৰং জিলা সাহিত্য সভাই আজি জিলা কাৰ্যালয়ত পালন কৰে। অনুষ্টুপীয়াকৈ আয়োজন কৰা এক অনুষ্ঠানত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। সহযোগ কৰে দৰং জিলা সাহিত্য সভাৰ সহ সম্পাদক প্ৰবীণ বৰুৱাই।

বন্তি প্ৰজ্বলন কৰি 'নাট্য সিন্ধু' বঁটা প্ৰাপক নাথে মহিম বৰাৰ শিক্ষা আৰু কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম এ পাছ কৰি নগাঁও মহাবিদ্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলি জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰাৰ লগতে দৰং জিলাৰ ঘোপসাধাৰু চাহ বাগিচাত ২০১৬ চনত এই মহান সাহিত্যিকগৰাকীৰ মৃত্যু হয় বুলি নাথে বক্তব্যত প্ৰকাশ কৰে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড০ ৰাম চন্দ্ৰ ডেকাই বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰাৰ সাহিত্য কৃতিৰ ওপৰত বক্তব্য ৰাখে। ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা বৰা দেৱৰ কাঠনিবাৰী ঘাট গল্পৰ পটভূমি, বাক্য গাঁথনি আৰু প্ৰকাশিত চিত্ৰৰ ওপৰত বাখ্যা কৰে।

ড০ ডেকাই কয় যে মহিম বৰা দেৱে আন আন সাহিত্য সৃষ্টি নকৰিলেও অকল কাঠনিবাৰী ঘাট গল্পৰ জৰিয়তেই শ্ৰেষ্ঠ সাহিত্যকৰ আসন লাভ কৰিছিল। বৰা দেৱৰ আন আন সাহিত্য কৃতিৰ উপৰিও 'এধানি মাহীৰ হাঁহি' ৰ জৰিয়তে সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হোৱা উপন্যাসখনৰ ওপৰত বক্তব্য ৰাখে।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষন মহন্ত, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, ধনভড়ালী হৰি চন্দ্ৰ শৰ্মা, সহ সম্পাদক, কেশৱ চহৰীয়া, গ্ৰন্থাগাৰিক চৰিফুল ইছলাম, বিদ্যায়তনিক উপসমিতিৰ আহ্বায়ক প্ৰবক্তা প্ৰফুল্ল দেৱ শৰ্মা, আকাশ উপসমিতিৰ কাৰ্য্যকৰি সভাপতি কুঞ্জ দেৱী, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মৃণাল ৰাজবংশী, ৰাজ্যিক কাৰ্যনিবাহক মুকুট হাজৰিকা, বিশিষ্ট সাহিত্যিক হাৰুনাৰ ৰচিদ, বিশিষ্ট কবি শৈলেন্দ্ৰ চহৰীয়া, সাহিত্য কৰ্মী তথা সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক ৰানা আলম, অসম সাহিত্য সভাৰ কৰ্মচাৰী প্ৰমোদ কুমাৰ, দৰং জিলা সাহিত্য সভাৰ কায্যলয় সহায়ক নিবেদিতা কলিতা সহ দৰং জিলা সাহিত্য সভাৰ সদস্যসকল উপস্থিত থাকে।

মঙলদৈত 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্মদিন পালন...
দৰং জিলাত বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in