মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ১৪৬ বিঘা ভূমি আৱণ্টন...

মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ১৪৬ বিঘা ভূমি আৱণ্টন...

Published on

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় বসন্ত দাস আৰু ড° পৰমানন্দ ৰাজবংশীৰ প্ৰচেষ্টাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিয়া প্রতিশ্রুতি মর্মে মঙলদৈত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ বাবে দৰং জিলা প্রশাসনে ১৪৬ বিঘা ভূমিৰ আৱন্টনত অনুমোদন জনাইছে। দৰঙৰ জিলা আযুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ অধ্যক্ষাত অলপতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত মহকুমা ভূমি উপদেষ্টা ব'ৰ্ডৰ বিশেষ বৈঠকত প্ৰস্তাৱিত মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ কোঁৱৰপাৰা গাৱত ১৪৬ বিঘা মাটি আবন্টন দিবলৈ অনুমোদন জনায়।

সাংসদ দিলীপ শইকীয়া, বিধায়কত্রয় বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী আৰু মজিবৰ ৰহমান, মঙলদৈ, খাৰুপেটীয়া আৰু ছিপাঝাৰ পৌৰ সভাৰ সভানেত্রী, অতিৰিক্ত জিলা আযুক্ত গোপাল শর্মা প্রমুখ্যে বিষয়া আৰু সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত এই বিশেষ বৈঠকে জিলা আয়ুক্তৰ কার্যালয়টি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ সমীপতে ত্রিশ বিঘা ভূমিৰ আৱণ্টনৰ বাবেও অনুমোদন জনায়। তদুপৰি নতুন আৱৰ্ত্ত ভৱন নিৰ্মাণৰ বাবেও পকাবাঙিপাৰা গাঁৱত ১৬ বিঘা ভূমিৰ আৱন্টন প্রস্তাৱত অনুমোদন জনায়।

একেদৰে কৰ্মচাৰী ৰাজ্যিক বীমা চিকিৎসালয় স্থাপনৰ বাবেও মঙলদৈ মহাবিদ্যালয়ৰ সমীপৰ উপহুপাৰা গাঁৱত ৫বিঘা ভূমি আৱন্টনৰ প্ৰস্তাৱটোত সভাই অনুমোদন দিয়ে। উল্লেখযোগ্য যে জিলা সদৰ চহৰ মঙলদৈৰ বৰ্ধিত যান-জটৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মঙলদৈ জিলা কাৰাগাৰ খন চহৰৰ দাতিকাষৰীয়া সুবিধাজনক স্থানলৈ নিবলৈ এই সিদ্ধান্ত লোৱা হয়।

মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ১৪৬ বিঘা ভূমি আৱণ্টন...
লামডিঙত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in