ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে চমুৱা পাৰা বৰঙ্গাবাৰী হাইস্কুলত আৰ এছ এছ বৰ্গ কেম্পত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। বৈদ্যুতিক চৰ্ট চাৰ্কিত হৈ এগৰাকী ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু ঘটে।
মৃত কিশোৰগৰাকী উক্ত বিদ্যালয়ৰে ছাত্ৰ বিকাশ দাস। বিকাশৰ ঘৰ বিদ্যালয়খনৰ কাষৰে ডাহা গাঁৱত। জানিব পৰা মতে মঙলদৈৰ বৰঙাবাৰী হাইস্কুলত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছিল আৰ এছ এছৰ দৰং জিলা সমিতিৰ বৰ্গ কেম্প।
এই বৰ্গ কেম্পত অংশলৈছিল বিকাশেও। সন্ধিয়া প্ৰায় ৭ মান বজাত কেম্পৰ কাম কাজ সমাপ্ত কৰি বিদ্যালয়খনৰে দমকলত হাত-মুখ ধোবলৈ যোৱাৰ অৱস্থাতে চৰ্ট চাৰ্কিট হয়। ইয়াৰ লগে লগে তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয় লৈ লৈ যোৱা হয় যদিও চিকিৎসকে বিকাশক মৃত ঘোষণা কৰে।
ইফালে প্ৰায় দুবছৰ পূৰ্বৰে পৰা বিদ্যালয়খনৰ এই দমকলটোৰে সংযোগ হৈ থকা পানী মটৰটোৰ বিসংগতি হৈ আছিল বুলিও অভিযোগ উঠিছে। সেয়ে এতিয়া বিদ্যালয়ক প্ৰধান শিক্ষকগৰাকীকে অভিযোগ কৰি এক উত্তপ্ত পৰিস্থিতিৰো সূচনা হয়। স্থানীয়ে ৰাইজে মৃত বিকাশ দাসৰ মৃতদেহ বিদ্যালয়ৰ চৌহদতে সৎকাৰ কৰিবলৈয়ো চেষ্টা কৰে।
অভিযোগ অনুসৰি মৃত বিকাশে এই দমকলটোৰ সন্দৰ্ভত প্ৰধান শিক্ষকক অভিযোগ দিয়াৰ বাবেই বিদ্যালয় প্ৰধানে তেওঁক কাণত ধৰাই আঠু কঢ়াইছিল। সেয়ে স্থানীয় ৰাইজে বিকাশৰ এইদৰে মৃত্যু হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষককে জগৰীয়া কৰি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।
উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোটায়ন কৰা হৈছে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাসন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। এই তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা সঠিক তথ্য পোহৰলৈ আহিব।
Also Read: মাজুলীত বিঘাই-বিঘাই ভূমিত এতিয়া চৰহা পোকৰ উপদ্ৰৱঃ কৃষকৰ মাজত হাহাকাৰ...