মঙলদৈত তৃতীয় বাৰ্ষিক দৰং জিলা কাৰাটে প্ৰতিযোগিতা

মঙলদৈত তৃতীয় বাৰ্ষিক দৰং জিলা কাৰাটে প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল সংবাদ,‌মঙলদৈ : জে কে আই এ, অসম,মঙলদৈ শাখাৰ উদ্যোগত তথা দৰং জিলা কাৰাটে 'ড এচ'চিয়েচন আৰু মঙলদৈ ক্ৰীড়া সন্থাৰ সহযোগত মঙলদৈত এখনি কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১অক্টোবৰ ৰাতিপুৱা ৮ -০০ বজাৰ পৰা মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব ।

বিভিন্ন শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত দৰং জিলা কাৰাটে ড' এচ'চিয়েচনৰ অন্তৰ্গত সকলো ক্লাৱৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰশিক্ষক তথা মুখ্য ব্যৱস্থাপক তপন কুমাৰ ডেকা দেৱে জানিবলৈ দিয়ে । খেলখন সফল কৰিবলৈ অভ্যৰ্থনা সমিতিৰ সভাপতি দেৱব্ৰত দত্ত আৰু সম্পাদক প্ৰশান্ত ডেকাই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

মঙলদৈত তৃতীয় বাৰ্ষিক দৰং জিলা কাৰাটে প্ৰতিযোগিতা
নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ১জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in