প্রয়াত সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা সম্পন্ন...

প্রয়াত সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা সম্পন্ন...
প্রয়াত সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ অসম বার্তাজীৱি সংঘৰ প্রাক্তন কোষাধ্যক্ষ তথা জ্যেষ্ঠ প্ৰুফ ৰিডাৰ সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা এখন শুকুৰবাৰে অনুষ্ঠিত হয়। অসম বার্তাজীৱী সংঘৰ উদ্যোগত দৰং জিলা সমিতিৰ সহযোগত দিনৰ ১১-৩০ বজাৰ পৰা মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ সভা।

অনুষ্ঠানত প্রথমে সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্রজ্জ্বলন কৰে ভাতৃ নৃপেন কুমাৰ ভট্টাচাৰ্য্যই। ইয়াৰ পাছতেই বাৰ্তাজীৱিৰ বিষয়-ববীয়া, মঙলদৈ প্ৰেছ ক্লাবৰ সদস্যৰ লগতে আছুকে ধৰি বিভিন্ন দল সংগঠনৰ প্রতিনিধিয়ে প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পন কৰে ।

দিনৰ ১২ বজাৰ পৰা প্ৰেছ ক্লাব ভৱনত দৰং জিলা বার্তাজিৱী সংঘৰ সভাপতি প্রদীপ ঘোষৰ পৌৰাহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক লক্ষীনন্দন কলিতাই। বার্তাজীৱি সংঘৰ ৰাজ্যিক সম্পাদক মুকুট ৰাজ শর্মাই স্মৃতিচাৰণ কৰি বাৰ্তাজীৱি সংঘই কর্মৰত সাংবাদিকসকলৰ কল্যানৰ অর্থে কি পদক্ষেপ গ্রহণ কৰিছে তাৰ এক চমু বর্ণনা দাঙি ধৰে।

মঙলদৈ প্ৰেছ ক্লাব সভাপতি মদন চন্দ্র বৰুৱাই স্মৃতি চাৰণ কৰি কয়-ভাষা জ্ঞানৰ দক্ষতা নাথাকিলে একোটা ছপা আৰ্হি শুদ্ধ ৰূপত প্রকাশ পোৱাটো সম্ভৱ নহয়। গতিকে প্রবোধ কুমাৰ ভট্টাচাৰ্য্য এগৰাকী নীৰৱ ভাষা জ্ঞানৰ লগতে বানান শুদ্ধকৰনৰ দক্ষ লোক আছিল।

অনুষ্ঠানত বার্তাজীৱি সংঘ, অসমৰ সভাপতি মধুসুধন মেধি, উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মা, ভাৰতীয় বার্তাজীৱি মহাসংঘৰ উপ-সভাপতি ফনীধৰ দাসেও অংশ গ্রহণ কৰি সাংবাদিক-সকলৰ অধিকাৰ, প্রাপ্য, মালিক পক্ষ, চৰকাৰী পক্ষৰ সাংবাদিকৰ প্রতি কৰি অহা অনীহাৰ কথা উল্লেখ কৰি সজাগ হ'বলৈ আহ্বান জনায়। সভাত আছুৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, কৃতি শিক্ষক প্ৰদীপ শর্মা, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, বিজেপিৰ মহিলা মৰ্চাৰ উপ-সভানেত্ৰী প্ৰেমদা ভূঞা আছুৰ উপ সভাপতি খনিন্দ ৰাজবংশী, দৰংজিলা আছুৰ সভাপতি ৰাজু শৰ্মা, ভাতৃ নৃপেন কুমাৰ ভট্টাচাৰ্য্য, মামাক-শশীন্দ্র ভট্টাচাৰ্য্য, অচ্যুতানন্দ ভট্টাচার্য্য আদিয়েও স্মৃতি চাৰণ কৰি বক্তব্য আগবঢ়াই।

প্রয়াত সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা সম্পন্ন...
ঢকুৱাখনাত প্ৰতিষেধক দিয়াৰ পাছতে নব জাতকৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in