মঙলদৈত অক্ষয় পাত্ৰৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বানাক্ৰান্তলৈ সহায়

মঙলদৈত অক্ষয় পাত্ৰৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বানাক্ৰান্তলৈ সহায়
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ : মঙলবাৰে মঙলদৈ চহৰৰ নিকটবৰ্তী চেৰেং চাপৰিত বানপানীৰ কবলত পৰা অঞ্চলত গুৱাহাটীৰ অক্ষয় পাত্ৰৰ উদ্যোগত আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত বানাক্ৰান্তলৈ কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰ সহায় আগবঢ়োৱা হয়। এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী উপস্থিত হয়।

তেঁও বানাক্ৰান্ত লোকসকলৰ বুজ লৈ চাউল,দালি , মিঠাতেল, বিস্কুট, হৰলিক্চকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰায় দুই শতাধিক লোকৰ মাজত বিতৰণ কৰে। ইয়াৰ পাছত মঙলদৈ প্ৰেছ ক্লাবত উপস্থিত হৈ মোৱামৰী অঞ্চলৰ অৰ্ধ শতাধিক বানক্ৰান্তৰ সৈতে মত বিনিময় কৰে।

লগতে তেওঁলোকৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে, এই বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হৈ সহায় আগবঢ়াব পাৰি নিজক ধন্য অনুভৱ কৰিছো। আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰা যথাসাধ্য সহায় আগবঢ়োৱা কাৰ্যসূচীত মঙলদৈ প্ৰেছ ক্লাবে যি সহায় সহযোগ কৰিলে তাৰ বাবে মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাসহ প্ৰতিজন সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আনহাতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে‌ বানাক্ৰান্তৰ বুজ লৈ তেওঁলোকক ভবিষ্যত সহায়ৰ আশ্বাস দিয়ে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সত্যন্য দাস প্ৰভু বানপিড়ীতসকলৰ কাষত উপস্থিত হৈ বানপিড়ীতসকলক গীতা আৰু ভাগৱত উদ্ধৃতি দি কয় যে সকলোৱে সদায় পাচ মিনিটৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে । তেতিয়া ভগৱানে সদায় সহায় কৰে।

লগতে ধাৰ্মিক কিছু বাখ্যা দাঙি ধৰে। এই সমূহ কাৰ্যসূচীত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সত্যন্য দাস প্ৰভু,প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, সমাজ সেৱী প্ৰাণজিৎ শ‌ইকীয়া, সমাজ সেৱী স্বপ্না চাকলাদাৰ, মঙলদৈ প্ৰেছ ক্লাব সম্পাদক লক্ষীনন্দন কলিতা, উপ সভাপতি লোকেশ্বৰ বৰুৱা, সহকাৰী সম্পাদক ধৰ্ম বৰুৱা, কাৰ্যালয় সম্পাদক উজ্জ্বল জ্যোতি ডেকা, পংকজ সৰকাৰ, সদস্য প্ৰাঞ্জল কুমাৰ শৰ্মা, দ্বীপেন বৰুৱাকে আদি কৰি অন্য কেইবাজনো সদস্য উপস্থিত থাকে।

মঙলদৈত অক্ষয় পাত্ৰৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বানাক্ৰান্তলৈ সহায়
বিহাৰক 'কৃপা', অন্ধ্ৰলৈ 'দৃষ্টি'! বাকীবোৰলৈ আশ্বাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in