মঙলদৈত অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ

মঙলদৈত অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ
Published on
Updated on

ডিজিটেল সংবাদ,‌ মঙলদৈ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতি বাৰে দৰং জিলাটো অৰুনোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত এক বিশাল জন সভাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই এই আঁচনি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

মন্ত্ৰী বৰাই এই অনুষ্ঠানত জিলা খনৰ ১০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অৰুণোদয় ২.০ অনুমোদন পত্ৰ বিতৰণ কৰে। অৰুণোদয় ২.০ আঁচনিৰ অধীনত জিলাখনত ১৬৫৫৯ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। বিগত অৰুণোদয় আচঁনিৰ অন্তৰ্ভূক্ত আছিল ৫৩৬২৫ গৰাকী হিতাধিকাৰী। নতুন অন্তৰ্ভূক্তিৰ পাছত জিলাখনত এই আঁচনিৰ অধীনত উপকৃত হোৱা মুঠ হিতাধিকাৰীৰ সংখা ৭০১৮৪ গৰাকী হৈছেগৈ।

মন্ত্ৰী বৰাই নিজৰ ভাষণত অসম চৰকাৰৰ ধ্বজাবাহী এই আঁচনিৰ লগতে অন্যান্য আঁচনি সমূহৰ খতিয়ান দাঙি ধৰে। তেওঁ বিগত ৯ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন আঁচনিসমূহে দৰিদ্ৰতা নিৰ্মূলকৰণ, মহিলা সৱলীকৰণ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দীলিপ শইকীয়া, ছিপাঝাৰৰ বিধান সভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক দূৰ্গা দাস বড়ো জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে আদিকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

মঙলদৈত অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ
মন্ত্ৰী কেশৱ মহন্তৰ সভাত চিঞৰি চিঞৰি ক্ষোভ উজাৰিলে মহিলাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in