মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ শিক্ষাৰ খৰচ বহন কৰিব ভাস্কৰ জ্যোতি মহন্তই...

শ্ৰীমন্ত ফাউণ্ডেশ্যন কালছাৰেল ছ'চাইটিৰ জৰিয়তে এই উদ্যোগ
মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ শিক্ষাৰ খৰচ বহন কৰিব ভাস্কৰ জ্যোতি মহন্তই...
মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ শিক্ষাৰ খৰচ বহন কৰিব ভাস্কৰ জ্যোতি মহন্তই...
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ ঘৰত শুকুৰবাৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হয়। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ ফালৰ পৰা ৰাজ্যখনৰ ২২ গৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ ঘৰত উপস্থিত হৈছে ভাস্কৰ জ্যোতি মহন্ত।

দৃষ্টিহীন ছাহিদ আফ্ৰিদিৰ গান শুনি আপ্লুত ভাস্কৰ জ্যোতি মহন্ত। শ্ৰীমন্ত ফাউণ্ডেশ্যন কালছাৰেল ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই দৃষ্টিহীন ছাহিদ আফ্ৰিদৰ সংগীত সাধনাক আৰু এখোজ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা হাতত হৈছে।

দৃষ্টিহীন ছাহিদ আফ্ৰিদিৰ দৰে বিশেষভাৱে সক্ষম তথা যিসকলৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আছে তেওঁলোকে যাতে জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ ওপৰত কাম কৰিছে সংগঠনটোৱে বুলি মন্তব্য কৰে ভাস্কৰ জ্যোতি মহন্ত। দৃষ্টিহীন ছাহিদ আফ্ৰিদিৰ ঘৰ পৰিদৰ্শন কৰি সংগীতৰ বি মিউজ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ভাস্কৰ জ্যোতি মহন্তই।

ইয়াৰ বাবে যাৱতীয় সকলো খৰচ বহন কৰিব ফাউণ্ডেশ্যনৰ ফালৰ পৰা। অসমৰ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জড়িত হৈ আছে এই কৰ্য্যক্ৰমত। প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ পৰিবেশ পৰিদৰ্শন কৰিছে ভাস্কৰ জ্যোতি মহন্তই।

মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ শিক্ষাৰ খৰচ বহন কৰিব ভাস্কৰ জ্যোতি মহন্তই...
২২ জুলাইৰ পৰা সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ আন্দোলন ঘোষণা... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in