ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে একাংশ জনতাই ক্ষোভ প্ৰকাশ কৰিছে। মঙলদৈত বিজেপি চৰকাৰৰ নগ্ন স্বৰূপ প্ৰকাশ পাইছে। জানিব পৰামতে জন প্ৰতিনিধিক ১০হাজাৰ টকা ঘোচ দিব নোৱাৰাৰ বাবে চৰকাৰৰ বিভিন্ন ধৰণৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হয় প্ৰকৃত হিতাধিকাৰী।
সাধাৰণতে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা দেখুওৱা চৰকাৰখনৰ অন্য এটা ৰূপ প্ৰকাশ পাইছে চহৰখনত। মঙলদৈৰ পঞ্চায়ত সভাপতিয়ে হিতাধিকাৰীক দাবী কৰে হেনো ১০ হাজাৰ টকা দিলেহে পাব চৰকাৰী আবাস।
হিতাধিকাৰীৰ পৰা উৎকোচ বিচৰাৰ বাবে ৰামহৰি গাঁও পঞ্চায়তৰ বিজেপি দলৰ পঞ্চায়তৰ সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। পৰিয়ালটোৰ নাই থাকিবলৈ ঘৰ। পোৱা নাই বৃদ্ধ পেঞ্চন। নাই খোৱাপানী, নাই অৰুণোদয় আঁচনি।
চৰকাৰে ঘোষণা কৰা বিভিন্ন ধৰণৰ অভিলাষী আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰীক আজিও চিনাক্ত কৰিব পৰা নাই। একাংশ বিষয়া-কৰ্মচাৰী তথা জনপ্ৰতিনিধিৰ বাবে জনতাৰ গ্লানি সহিব লগা হৈছে শাসনাধিষ্ঠিত চৰকাৰখনে।
ভুক্তভোগী পৰিয়ালে আক্ষেপ প্ৰকাশ কৰি কয় যে, মঙলদৈৰ দাহা গাঁৱৰ আঁচনি বঞ্চিত দুখীয়া নিচলা পৰিয়ালৰ খবৰ ল'বলৈ সময় নাই বিধায়ক বসন্ত দাস,সাংসদ দিলীপ শইকীয়াৰ।
Also Read: মৃত্যুদূতত পৰিণত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ : বাইক আৰোহী কিশোৰ ছাত্ৰ নিহত