দৰং জিলাত বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ

জিলা আয়ুক্তক দাখিল কৰিলে স্মাৰক পত্ৰ
দৰং জিলাত বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ
দৰং জিলাত বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলাত বানপীড়িতই পোৱা নাই পৰ্যাপ্ত সাহাৰ্য্য ৷এই অভিযোগ দৰং জিলা কংগ্ৰেছ কমিটীৰ। শনিবাৰে দৰং অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক কন্দৰ্প কলিতাৰ নেতৃত্বত এটি সজাতি দলে দৰঙৰ আয়ুক্ত এক স্মাৰক প্ৰদান কৰি এই মন্তব্য কৰে।

কংগ্ৰেছৰ সজাতি দলটোৱে দৰঙৰ আয়ুক্তৰ হৈ অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰি সাংবাদিকৰ আগত কয় যে, গো-ধন আৰু ক্ষতিগ্ৰস্ত লোকক শীঘ্ৰে দৰং জিলা প্ৰশাসনে বান সাহাৰ্য্য প্ৰদান কৰিব লাগে ৷

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক কন্দৰ্প কলিতাই কয় যে, দৰং জিলাৰ বানপীড়িত লোকে উপযুক্ত সাহাৰ্য্য লাভ কৰা নাই ৷ গো-ধন আৰু অন্যান্য পশুৰ খাদ্য লগতে বহু অঞ্চলত এতিয়ালৈ বান সাহাৰ্য্য নোপোৱাৰ অভিযোগ দৰং জিলা কংগ্ৰেছৰ ৷

দৰং জিলা প্ৰশাসন বান সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত বিফল হৈছে ৷ অতি শীঘ্ৰে জিলাখনৰ প্ৰতিটো বান ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতি পূৰণ দিবলৈ দাবী জনাই নেতাগৰাকীয়ে৷ উল্লেখযোগ্য যে বৰ্তমানলৈকে জিলা খনৰ ১১১ খন গাওঁ বানৰ কবলত পৰিছে এই বানত ১,৯০,২৬১ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে।

উক্ত ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত ১৭১৭ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে। তদুপৰি এই বানত ১৫৬৮৫ টা পশুধন বানৰ কবলত পৰিছে। ইতিমধ্যে মঙলদৈ ৰাজহ চক্ৰত ১০ টা আৰু ছিপাঝাৰ ৰাজহ চক্ৰত এটা প্ৰশাসনৰ দ্বাৰা স্থাপিত সাহাৰ্য কেন্দ্ৰত বানাক্ৰান্তলোকক সাহাৰ্য প্ৰদান কৰি থকা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

দৰং জিলাত বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ
জিম্বাৱেৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ ৰিয়ান, ৰিংকু, ৰুটু, অভিষেক, জুৰেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in