মাটি মাহৰ বীজ যোগানত কেলেংকাৰীঃ কাৰ স্বাৰ্থত পলমকৈ হ'ল টেণ্ডাৰ? কৃষকক দিলে অনুমোদনহীন বীজ...

মাটি মাহ বীজ যোগানত কেলেংকাৰীঃ কাৰ স্বাৰ্থত পলমকৈ হ'ল টেণ্ডাৰ? কৃষকক দিলে অনুমোদনহীন বীজ...
মাটি মাহ বীজ যোগানত কেলেংকাৰীঃ কাৰ স্বাৰ্থত পলমকৈ হ'ল টেণ্ডাৰ? কৃষকক দিলে অনুমোদনহীন বীজ...
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ মাটি মাহৰ বীজ প্ৰদানকলৈ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে কৃষি বিভাগৰ অসম বীজ নিগমত। জানিব পৰা মতে Salasar Agro নামৰ প্ৰতিষ্ঠানটোৱে সময়তকৈ বহু পলমকৈ কৃষকক ৰোপণৰ বাবে যোগান ধৰে অনুপযোগী মাটি মাহৰ বীজ।

কৃষকৰ লাভৰ বাবে নহয় ঠিকাদাৰৰ লাভৰ স্বাৰ্থতহে এই বীজ যোগান ধৰে অসম বীজ নিগমে। এক প্ৰকাৰে কৃষকক লৈ হেতালি খেলিছে কৃষি বিভাগৰ। অভিযোগ অনুসৰি এই বীজ যোগানৰ নামত সংঘটিত হৈছে প্ৰায় ৭ কোটি টকাৰ কেলেংকাৰী।

এই অভিযোগ উত্থাপন কৰিছে RTI কৰ্মী দিলীপ নাথে।দিলীপ নাথে তথ্য জনাৰ আইনৰ আধাৰত কয় যে, মাটি মাহ ৰোপনৰ বাবে শেষ সময় হৈছে মাৰ্চ মাহৰ ১৫ তাৰিখ। কৃষি বিভাগৰ মতে মাৰ্চৰ ১৫ তাৰিখৰ পৰা পথাৰত আৰু মাটি মাহ সিঁচিলে তাৰ পৰা ফল পোৱা নাযায় ।

কিন্তু আচৰিত কথা একে কৃষি বিভাগটোৱে মাটি মাহ যোগানৰ বাবে টেণ্ডাৰ কৰিছে চলিত বৰ্ষৰ মাৰ্চৰ ২০ তাৰিখে। টেণ্ডাৰ দেৰিকৈ হোৱাৰ ফলত কৃষকে সেই বীজ লাভ কৰিলে বহু পলমকৈ এপ্ৰিল মাহতহে।

ইফালে দৰং জিলাত এই URD 4 নামৰ মাটি মাহহৰ এবিধ বীজ ২৬ মাৰ্চত ৬ হাজাৰ কুইণ্টল পোৱা দেখুৱাইছে। কিন্তু এই বীজ কৃষিৰ বাবে অনুপযোগী আৰু কৃষি বিভাগৰ পৰাও এই বীজৰ অনুমোদন নাই।

জিলা কৃষি বিভাগেও নাজানে এই বীজৰ পৰা গছ হ'বনে ফল হ'ব।অসম বীজ নিগমৰ পৰা অহা এইসমূহ বীজ দৰং জিলাৰ ৬ টা খণ্ড উন্নয়ন কায্যালয়ৰ জৰিয়তে ততাতৈয়াকৈ বিতৰণ কৰে যদিও এই বীজ কৃষকে কি দৰে ব্যৱহাৰ কৰিছে বা ফল লাভ কৰিব সেয়া লক্ষ্যনীয় হ'ব।

অভিযোগ অনুসৰি একমাত্ৰ ঠিকাদাৰৰ লাভৰ বাবেই অনুমোদন নোহোৱা URD 4 বীজ কৃষকক পলমকৈ যোগান ধৰা হৈছে। অথচ এই বীজৰ পৰা কৃষকৰ কোনো লাভ নহ'ব।

মাটি মাহ বীজ যোগানত কেলেংকাৰীঃ কাৰ স্বাৰ্থত পলমকৈ হ'ল টেণ্ডাৰ? কৃষকক দিলে অনুমোদনহীন বীজ...
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ আজি লখিমপুৰলৈ যাব চিবিআইৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in