মঙলদৈত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মঙলদৈত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ শুক্ৰবাৰে গ্ৰেপ্তাৰ হয় এজন চাইবাৰ অপৰাধী।আটক হোৱা অপৰাধী জন হ'ল মঙলদৈৰ গা-ধোৱা চাপৰিৰ ৰমজান আলি।

এটি দলৰ সহায়ত বিভিন্ন জনৰ বেংকৰ একাউণ্টৰ জড়িয়তে ৰমজানে ধন লুটা বুলি জানিব পৰা গৈছে। বিভিন্ন কৌশলৰে বহু লোকৰ পৰা সৰকাইছিল কোটি টকা ।

দৰং আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উপ আৰক্ষী অধিক্ষক ৰ’জি তালুকদাৰে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ দেশজুৰি অপৰাধৰ সাম্ৰাজ্য চলাই আছে এই সকল চাইবাৰ অপৰাধীয়ে ৷ অধীক্ষকগৰাকীৰ ভাষ্য অনুসৰি সাধাৰণ লোকক প্ৰলোভন দি খুলি লয় CC Account। আৰু ইয়াৰ জৰিয়তে চলাই অপৰাধৰ সাম্ৰাজ্য ৷

ইয়াৰোপৰি দৰং আৰক্ষীয়ে চাৰি দিন জিম্মাত লৈ অনুসন্ধান চলোৱাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব।

Also Read: হাউলী আৰক্ষীৰ সফলতা : বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

MANGADAI