বাল্যবিবাহত জড়িত টেণ্ট হাউচ-চাহ বিলোৱাজনো জগৰীয়াঃ শিশু সুৰক্ষা বিষয়া

বাল্যবিবাহত জড়িত টেণ্ট হাউচ-চাহ বিলোৱাজনো জগৰীয়াঃ শিশু সুৰক্ষা বিষয়া

author-image
Asomiya Pratidin
New Update
বাল্যবিবাহত জড়িত টেণ্ট হাউচ-চাহ বিলোৱাজনো জগৰীয়াঃ শিশু সুৰক্ষা বিষয়া

ডিজিটেল সংবাদ,‌ মঙলদৈঃ "বাল্যবিবাহ অনুষ্ঠানৰ সৈতে যদি টেণ্ট হাউছ, চাহ বনোৱা বা চাহ বিলনীয়া হিচাপেও কোনোবা জড়িত আছে তেন্তে তেওঁৱো দোষী সাব্যস্ত হ'ব । তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা লোৱা হ'ব। সেয়েহে বিষয়টোকলৈ সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে।" -এই মন্তব্য দৰং জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াৰ। শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিশু সুৰক্ষা বিষয়ত সজাগতা সভাত বক্তব্য আগবঢ়াই চহৰীয়াই কয় যে-POSCO আইনে অকল নাবালিকাকে সকলকে নহয় নাবালক সকলকো সুৰক্ষা দিছে ।

উক্ত সভাত শিশু সুৰক্ষাৰ লগতে বাল্য বিবাহ বিষয়তো আলোচনা কৰা হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক সাংবাদিকসকল উপস্থিত থকা সভাখনত জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মণিকংকনা চাংমাই, আচাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজোতি বৰুৱা, শিশু সুৰক্ষাকৰ্মী ৰফিকুল ইচলাম আদি বিশিষ্ট লোকসকলে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত বক্তব্য ৰাখে । মঙ্গলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই আঁত ধৰা সভাখনত বাল্য বিবাহ ৰোধৰ কাৰণে চৰকাৰে লোৱা ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি ভাল পদক্ষেপ লোৱা বুলি সকলোৱে মন্তব্য কৰে। বিশেষকৈ আচাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজোতি বৰুৱাই বক্তব্য আগবঢ়াই কয় যে- বাল্য বিবাহ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপত কোনো বিৰোধী দলে বিৰোধীতা কৰা নাই। এয়া খুব ভাল পদক্ষেপ। ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰততে অসমৰ পৰা এটা ভাল বাৰ্তা গৈছে।

চৰকাৰে ভাল কাম কৰিছে বুলি কৈ পূৰ্বৰ চৰকাৰসমূহে ভোটৰ চিন্তাত এইবোৰৰ বিৰুদ্ধে পদক্ষেপ লোৱা নাছিল । কিন্তু বৰ্তমানৰ চৰকাৰ কোনো ভোটৰ কথা চিন্তা কৰি এই বিষয়টোত আগবাঢ়িছে বুলি মত পোষণ কৰে। তেওঁ কয় এই বিষয়ত কাকত আৰু বৈদ্যুতিক মাধ্যমত ভাল প্ৰচাৰ হৈছে । তাৰোপৰি কোনো কাৰণতে ছোৱালী ১৮ বছৰ তলত আৰু ল'ৰাই ২১ বছৰৰ তলত বিবাহ কৰিব নালাগে বুলিও আচাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজোতি বৰুৱাই বক্তব্য আগবঢ়ায়। সভাত শিশু সুৰক্ষা বিষয়ত আলোচনা কৰি উপযুক্ত শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব দিয়া হয় । তাৰোপৰি শিশু সম্পৰ্কীয় বাতৰি পৰিবেশন কৰোতে কেনে ধৰণৰ সাৱধানতা ল'ব লাগে তাৰো ওপৰত বক্তব্য আগবঢ়ায় ।

Also Read: এছ পি লীনা দলেক তলব চিবিআইৰ...

social activist