ডিজিটেল সংবাদ,দৰংঃ শুকুৰবাৰে অসম ৰাজ্যভাষা আইন ১৯৬০ প্ৰয়োগৰ দাবীত দৰং জিলা সাহিত্য সভাই দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসম ৰাজ্যভাষা আইন ১৯৬০ প্ৰয়োগৰ জৰিয়তে অসমৰ অফিচ কাছাৰীত অসমীয়া ভাষা ব্যৱহাৰৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহতো বাধ্যতামূলক ভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিবলৈ জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনায়।
স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথৰ লগতে জিলা সাহিত্য সভাৰ উপ সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সম্পাদক বসন্ত শইকীয়া, ধনভড়ালী হৰি চন্দ্ৰ শৰ্মা,সহ সম্পাদক দ্বয় কেশৱ চহৰীয়া, প্ৰবীণ বৰুৱা,অসম সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক লক্ষী শৰ্মা উপস্থিত থাকে।
পুৱা দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত ছিপাঝাৰ সাহিত্য সভা, বৰদৌলগুৰি সাহিত্য সভা, হাজৰিকাপাৰা সাহিত্য সভা, গৰুখুটি সাহিত্য সভা, লুইতপৰীয়া সাহিত্য সভা, কুৰুৱা, খলিহৈ সমন্বয় সাহিত্য সভা, খান্দাজান সাহিত্য সভা, মাৰৈ- বিজুলীবাৰী সাহিত্য সভা আৰু সাধনা সাহিত্য শাখা সভাই ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম ৰাজ্যভাষা আইন ১৯৬০ প্ৰয়োগৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
এই কাৰ্যসূচীত শাখা সাহিত্য সভা সমূহক সংগ দিয়ে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক ড০ ৰামচন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, অসম সাহিত্য সভাৰ ৰাজ্যভাষা- মাতৃভাষা প্ৰয়োগ উপসমিতিৰ সহযোগী আহ্বায়ক হেৰম্ব কুমাৰ নাথ, দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কেশৱ চহৰীয়া, দৰং জিলা সাহিত্য সভাৰ ৰাজ্যভাষা- মাতৃভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ধকমান শ্ৰেষ্ঠ, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক এম, হাফিজ আলিয়ে।
শাখা সাহিত্য সভা সমূহৰ হৈ উপস্থিত থাকে ছিপাঝাৰ সাহিত্য সভাৰ উপ-সভাপতি গিৰীশ নাথ, সম্পাদক দেৱজিত নাথ আৰু প্ৰকাশন সচিব কৈলাশ চন্দ্ৰ শৰ্মা, বৰদৌলগুৰি সাহিত্য সভাৰ হৈ সভাপতি জগত চন্দ্ৰ বৰুৱা, উপ-সভাপতি চেনীৰাম নাথ, সম্পাদক ইকবাল ৰচিদ হাজৰিকা, সদস্য মোহন চন্দ্ৰ শৰ্মা, হাজৰিকাপাৰা সাহিত্য সভাৰ সম্পাদক মুকেশ ডেকা, গৰুখুটি সাহিত্য সভাৰ হৈ সম্পাদক হিতেশ নাথ, লুইতপৰীয়া সাহিত্য সভা, কুৰুৱাৰ হৈ সম্পাদক অঞ্জন বৰা, খলিহৈ সমন্বয় সাহিত্য সভাৰ হৈ সভাপতি প্ৰফুল্ল কলিতা, সম্পাদক ৰাজেন ভট্টৰায়, খান্দাজান সাহিত্য সভাৰ হৈ সম্পাদক হেমকান্ত নাথ, মাৰৈ- বিজুলীবাৰী সাহিত্য সভাৰ হৈ সম্পাদক বিজু ফুকন বৰুৱা, প্ৰাক্তন সম্পাদক মহুৰুম আলি আৰু সাধনা সাহিত্য সভাৰ হৈ সভাপতি ইলিয়াচ আলী আৰু সম্পাদক ৰমেশ চন্দ্ৰ শৰ্মা। ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰীতিমণি দাসে সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গক শীঘ্ৰে স্মাৰক পত্ৰসমূহ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰে।
Also Read: বহনক্ষম পৰ্যটনৰ যোগেদি আধুনিক কাজিৰঙা গঢ়ি তোলাৰ সংকল্পৰে কাজিৰঙাত উদ্যাপন বিশ্ব পৰ্যটন দিৱস...