মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,দৰংঃ বৃহস্পতিবাৰে জিলা নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সম্বৰ্দ্ধনা তথা আদৰণী অনুষ্ঠান ৰূপায়ণ কৰা হয়। পুৱা বন্তি প্ৰজ্বলন,নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। জিলা সমিতিৰ উদ্যোগত সাহিত্য উপ-সমিতিয়ে আয়োজন কৰা সম্বৰ্দ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে সাহিত্য উপ-সমিতিৰ সম্পাদক ভাস্কৰ চহৰীয়াই।

সাহিত্য উপ-সমিতিৰ সভাপতি জীতেন্দ্ৰ কুমাৰ নাথে পৰিচালনা কৰা অনুষ্ঠানটিত আদৰণী ভাষণ দিয়ে জিলা সমিতিৰ সভাপতি গহীন চন্দ্ৰ কলিতাই। সম্বৰ্দ্ধনা সভাত এইবাৰ সমাজৰ অন্তৰ্গত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ৩৪ গৰাকী উচ্চ মাধ্যমিক আৰু ৩৬ গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীক গামোচা,সম্বৰ্দ্ধনা পত্ৰ,স্মাৰক আৰু গ্ৰন্থৰে সম্বৰ্দ্ধনা জনোৱা হয়।

প্ৰথমবাৰৰ বাবে এইবাৰ জিলা সমিতিৰ সম্পাদক ধনেশ্বৰ বৰুৱাই তেখেতৰ পিতৃ সমাজ কৰ্মী প্ৰয়াত ৰজনীকান্ত বৰুৱা সোঁৱৰণী মেধা বঁটা উচ্চ মাধ্যমিকৰ কৃতী ছাত্ৰী শ্ৰীগাৰ্গী,জে,কে শিৱম আৰু উচ্চতৰ মাধ্যমিকত বিদিশা বড়াক নগদ ধন, গ্ৰন্থ ,গামোচা আদি প্ৰদান কৰে।

উক্ত বঁটা প্ৰতিবছৰে আগবঢ়োৱা হ'ব বুলি সম্পাদকে জানিব দিয়ে।সভাত উপস্থিত থাকি সমাজৰ মূখ্য প্ৰচাৰক ৰবীন্দ্ৰ শৰ্মা মহন্ত আৰু জ্ঞান বিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে। অনুষ্ঠানত জিলা সমিতিৰ অন্তৰ্গত আঠখন আঞ্চলিক সমিতিৰ তেষষ্ঠিটা শাখাৰ ভকত বৈষ্ণৱ আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে।

মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান
মৰিগাঁৱত ৯ টাকৈ চোৰাং গৰু সহ বাহন জব্দ কৰি আৰক্ষীক গতালে ৰাইজে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in