ডিজিটেল সংবাদ,দৰংঃ দৰঙৰ ৰঙামাটিৰ ভালুকখোৱা পাৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত দেওবাৰে কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই ঝংকাৰ সংগীত বিদ্যালয়ে। আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীক সহায় কৰাৰ লক্ষ্যৰে এটি সাহায্য নিধিৰ শুভাৰম্ভ কৰা হয়।
ভালুকখোৱাপাৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি প্রহলাদ ডেকাই। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ১২০ গৰাকী ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানৰ সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট অভিনেতা তথা শিক্ষক বিশ্ব জ্যোতি শৰ্মাই আঁত ধৰা সভাত বিশেষভাৱে উপস্থিত থাকি সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক, সুবক্তা শিৱ প্রসাদ শৰ্মাই। সভাত উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া,দৰং জিলা সাহিত্য সভাৰ সহ সম্পাদক, মঙলদৈ জিলা মইনা পাৰিজাতৰ সম্পাদক তথা সাংবাদিক প্ৰবীণ বৰুৱা,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ কুমাৰ ৰাজবংশী।
ঝংকাৰ সংগীত বিদ্যালয়খনৰ শুভাৰম্ভ কৰে অৱসৰ প্ৰাপ্ত বেংক বিষয়া বিপিন ডেকাই। লগতে সাহায্য নিধিৰ শুভাৰম্ভ কৰে ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী কৃতী শিক্ষক খগেন্দ্ৰ চহৰীয়াই।সভাত অঞ্চলৰ বিশিষ্ট ব্যক্তি লগতে তিনি শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।