দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন

দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন

ডিজিটেল সংবাদ, মঙলদৈ: অহা ১৮ আৰু ১৯ নবেম্বৰত দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন। ১৯৭৩ চনৰ ২১ জুলাইত প্ৰতিষ্ঠা লাভ কৰা দৰং জিলা সাহিত্য সভাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান অহা ১৮ আৰু ১৯ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামী আৰু ৰাণা আলমে জনোৱা মতে, ১৮ জুলাইত কুঁহি, ৰামধেনু, আকাশ উপ সমিতিৰ ভিন্ন কাৰ্যসূচী, সতীৰ্থ সন্মিলন, গ্ৰন্থমেলা, গ্ৰন্থ উন্মোচনী সভা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

১৯ নবেম্বৰত সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে। জিলা সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। হোজাইস্থিত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব।

মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দলগাঁৱৰ বিধায়ক মজিবৰ ৰহমান, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো, মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী আদিয়ে অংশগ্ৰহণকৰিব। উল্লেখ্য যে অসম সাহিত্য সভাৰ প্ৰতিখন জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকক দুয়োদিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব বুলি সম্পাদকদ্বয়ে জনাইছে।

Also Read: আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

sahitya sabha