দৰঙত উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ "পুৰণি দিনৰ স্মৃতি" অনুষ্ঠান

দৰঙৰ উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ, নামখলা শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে “পুৰণি দিনৰ স্মৃতি“

author-image
Asomiya Pratidin
New Update
দৰঙত উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ "পুৰণি দিনৰ স্মৃতি" অনুষ্ঠান

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ, নামখলা শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে “পুৰণি দিনৰ স্মৃতি“ শীৰ্ষক এলানি অনুষ্ঠান উদযাপিত হয় । অনুষ্ঠানটিত অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা থলুৱা কৃষ্টি-সংস্কৃতি, খেলা-ধূলা আৰু বিভিন্ন সম্পদৰাজি পুনৰুদ্ধাৰৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে মুকলি সভাত উপস্থিত থকা অভ্যাগত সকলে নষ্টালজিক হোৱা পৰিলক্ষিত হয় ৷ পুৰণি দিনৰ থলুৱা খেল-ধেমালিৰ ভিতৰত পাখা খেল, ধাল, খোল গুতি, ধোপ বল, দোবল মুৰি, কৰি খেল ইত্যাদি খেলসমূহ দেখি সৰু ল’ৰা-ছোৱালী, যুৱক-যুৱতী আপ্লুত হয় ৷

পুৱা নতৰাজ মূৰ্তিৰ সন্মুখত আৰু মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শুভাৰম্ভ কৰা আৰু খৈৰাবাৰীৰ বিশিষ্ট যুৱ সমাজকৰ্মী ধ্ৰুৱজ্যোতি বড়োৱে “পুৰনি দিনৰ স্মৃতি” অনুষ্ঠানটো উদ্বোধন কৰাৰ পিচতে পুৰণি খেল আৰু পুৰণি থলুৱা কৃষ্টিৰে অনুষ্ঠানটো জীপাল হয় । অনুষ্ঠানত মংগলদৈ জিলা ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস, মহকুমা স্বাস্থ্য বিষয়া ডা: ৰমেশ চন্দ্ৰ গোস্বামী; দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডা: কমলাকান্ত শৰ্মাৰ উপৰি কেবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। লগতে কেইবাজনো জ্যেষ্ঠ আৰু কণিষ্ঠ সাংস্কৃতিক সংগঠক, খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে, প্ৰদৰ্শনীখনত অসমৰ সমাজ জীৱনৰ পৰা পাহৰণিৰ গৰ্ভত হেৰাই যাব ধৰা বহু ঐতিহাসিক সমল প্ৰদৰ্শিত হয় ৷

Also Read: সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ সভা

social activist