বিপদ বাঢ়িছে সাংসদ দিলীপ শইকীয়াৰ ! ৰমেন ডেকাৰ পাছত সন্মুখত কোচঁ সন্মিলনী...

বিপদ বাঢ়িছে সাংসদ দিলীপ শইকীয়াৰ ! ৰমেন ডেকাৰ পাছত সন্মুখত কোচঁ সন্মিলনী...

author-image
Asomiya Pratidin
New Update
পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

বিপদ বাঢ়িছে সাংসদ দিলীপ শইকীয়াৰ ! ৰমেন ডেকাৰ পাছত সন্মুখত কোচঁ সন্মিলনী...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ পিছত এইবাৰ সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে বিপদত পেলাইছে মঙলদৈ সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াক ৷ মঙলদৈ লোকসভা সমষ্টিৰ নতুন কৈ নামাকৰণ কৰা "দৰং ওদালগুৰি" সমষ্টিৰ ৰমেন ডেকাই এইবাৰ প্ৰাৰ্থীত্ব বিচৰাৰ পিছত সমষ্টিটোত এইবাৰ কোঁচ জনজাতিৰ এজন স্থানীয় প্ৰাৰ্থীত্ব বিচাৰিছে সদৌ অসম কোঁচ সন্মিলনীয়ে৷

প্ৰায় চাৰি লাখ কোঁচ জনজাতিৰ ভোটাৰ থকা দৰঙ ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ কোঁচ ৰাজবংশীৰ প্ৰতিনিধিৰ প্ৰাৰ্থীত্ব দাবী তুলিছে জনজাতিটোৱে ৷ অসমৰ ১৪ খন আসনৰ এজনো কোঁচ জনজাতিৰ প্ৰতিনিধি নথকাত চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে কোঁচ জনজাতি লোকসকল ৷

বিধানসভাত মাত্ৰ কোঁচ জনজাতিৰ দুজন প্ৰতিনিধি দিয়েই দায়িত্ব সামৰিছে চৰকাৰে৷ আগন্তুক লোকসভা নিৰ্বাচনত যদি মঙলদৈ লোকসভা সমষ্টিত কোঁচ জনজাতিৰ প্ৰাৰ্থীক বিজেপিয়ে টিকট নিদিয়ে তেন্তে এক বিকল্প চিন্তা কৰিব বুলি হুংকাৰ দিয়ে৷ একত্ৰিত যুঁজত মঙলদৈ লোকসভা সমষ্টিত কোঁচ ৰাজবংশীসকলেই প্ৰাৰ্থী হৰা জিকাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব বুলি প্ৰকাশ কৰে সংগঠনটোৱে ৷

সদৌ অসম কোঁচ সন্মিলনৰ সভাপতি তথা মঙলদৈৰ স্থানীয় যুৱক প্ৰণৱ নাৰায়ণ দেৱক এইবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ দাবী কৰে সংগঠনটোৱে ৷ ৰমেন ডেকাৰ লগত টিকটৰ যুজঁখন চলি থাকোতেই এতিয়া কোঁচ ৰাজবংশীৰ টিকটৰ দাবীয়ে বিপদ বঢ়াইছে সাংসদ দিলীপ শইকীয়াক ৷

প্ৰাৰ্থীত্ব কোনে পায় সেয়া সময়ে ক'ব কিন্তু দৰং ওডালগুৰি সমষ্টিত নতুন নতুন প্ৰাৰ্থীৰ দাবীদাৰে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াক কিছু চিন্তিত কৰিছে ৷ ইপিনে প্ৰনৱ নাৰায়ণ দেৱও আশা প্ৰকাশ কৰে যে, দলৰ হৈ বহু বছৰ ধৰি দলে দিয়া দায়িত্ব সুকলমে পালন কৰাৰ পিছত বিজেপি দলে নিশ্চয় সঠিক সিদ্ধান্তই গ্ৰহণ কৰিব।

Also Read: বন বিভাগৰ নাই উপযুক্ত অস্ত্ৰ ! বনৰীয়া হাতীৰ আক্ৰমণত নিহত কৰ্মচাৰী

মঙলদৈ সাংসদ দিলীপ শইকীয়া