ডিজিটেল সংবাদ,দৰং : দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত শুকুৰবাৰে জিলাখনৰ কাৰণে ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত দৰঙৰ জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত জিলা আয়ুক্ত নৱদ্বীপ চাংমাই, নিৰ্বাচনী বিষয়া দেবাশীষ বৰঠাকুৰে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে।
প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭০৯২৮৭ গৰাকী। ইয়াৰে ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ২০২৭৮৮ গৰাকী, ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ২০০৩০৬ গৰাকী আৰু ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩০৬১৯৩ গৰাকী ।
চাৰ্ভিচ ভোটাৰৰ সংখ্যা ছিপাঝাৰ সমষ্টিত ৯৪০ গৰাকী, মঙলদৈ সমষ্টিত ৭৯৫ গৰাকী আৰু দলগাঁও সমষ্টিত ১১৪ গৰাকী। এই খচৰা ভোটাৰ তালিকাৰ বিষয়ে ২০২৩ বৰ্ষৰ ৮ ডিচেম্বৰ (শুক্ৰবাৰ)ৰ পৰা ২০২৪ বৰ্ষৰ ৮ জানুৱাৰী(সোমবাৰ)লৈকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব । ২০২৩ বৰ্ষৰ ১৬ ডিচেম্বৰ(শনিবাৰ)ৰ পৰা ২০২৪ বৰ্ষৰ ২২ জানুৱাৰী (সোমবাৰ) লৈকে দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ'ব বুলি জানিবলৈ দিয়ে । ইফালে ২০২৪ বৰ্ষৰ ৮ ফ্ৰেব্ৰুৱাৰীৰ দিনা চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।
Also Read: ঘিলামৰাৰ লোক নিৰ্মাণ সংমণ্ডল স্থানান্তৰকৰণত অভিযন্তাৰ বিধি পথালি !