দৰঙৰ নগাঁও হীৰাপাৰাত নাট কৰ্মশালা আৰম্ভ...

দৰঙৰ নগাঁও হীৰাপাৰাত নাট কৰ্মশালা আৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ নগাঁও হিৰাপাৰা প্ৰাথমিক বিদ্যালয়ত সাধনা যোগ কেন্দ্ৰৰ নগাঁৱৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সহযোগত বিশেষ ৫দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰিছে । নাট কৰ্মশালাৰ শুভাৰম্ভণিৰ দিনা অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ উপ-সভাপতি প্ৰানেশ্বৰ শৰ্মাই আঁত ধৰা অনুষ্ঠান খনিত প্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে সমাজকৰ্মী সুৰেন দাসে।

নাট কৰ্মশালাৰ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী সত্য বৈশ্যই। সাধনা যোগ কেন্দ্ৰৰ সঞ্চালিকা হীৰামনি গোস্বামীয়ে আদৰণি ভাষণেৰে শুভাৰম্ভণি কৰা নাট কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নাটকৰ সকলো দিশ অৱগত কৰে বিশিষ্ট অভিনেতা তথা এন এচ ডি প্ৰশিক্ষণ প্ৰাপ্ত লগতে দৰঙৰ জেংৰাই নাট্য গোষ্ঠীৰ মূখ্য ব্যক্তি বিশ্বজিৎ ডেকাই।

দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বিশেষ ৫দিনীয়া নাট কৰ্মশালাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সম্পাদক নিৰঞ্জন শইকীয়া, বিশিষ্ট কণ্ঠশিল্পী হৰি হৰ্ষিত, অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ গোস্বামী,ভাৰতীয় জনতা পাৰ্টি ৰ মহিলা মৰ্চাৰ দৰং জিলা সমিতিৰ সভানেত্ৰী ৰূপালী দেৱী, জেষ্ঠ্য ব্যক্তি গিৰিবালা গোস্বামী,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মুনিন্দ্ৰ গোস্বামী, সমাজকৰ্মী কমালা কান্ত কলিতা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভৱকান্ত ডেকা, অধিবক্তা হাফিজুল হক, সমাজকৰ্মী ক্ষেমাধৰ ডেকা , সমাজকৰ্মী শৰৎ ডেকা, শিক্ষক পৰাগ গোস্বামী, দেওমৰনৈ আঞ্চলি ছাত্ৰ সন্থাৰ সম্পাদক ৰফিকুন্দিন আহমেদ,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ কাৰ্যকৰী সভাপতি হৰি ডেকা, দেওমৰনৈ স্নাতক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গিৰিন্দ্ৰ হাজৰিকা, অভিনেতা সীমান্ত ৰাজবংশী,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সভাপতি হেমচন্দ্ৰ বৰুৱা, সাংবাদিক নৱজিৎ শৰ্মা, সাংস্কৃতিক যুৱক সৌৰভ কলিতা, শিক্ষক নৱজ্যোতি ডেকা, সাংবাদিক কমল নাথ , অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সাংগঠনিক সম্পাদক জিৎকমল বৰুৱা,কণ্ঠশিল্পী হীৰামনি বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সাধনা যোগ কেন্দ্ৰ নগাঁও দৰং আৰু অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ উদ্যোগত আয়োজন কৰা এই পাচদিনীয়া বিশেষ নাট কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট অভিনেতা তথা এন এচ ডি প্ৰশিক্ষণ প্ৰাপ্ত বিশ্বজিৎ ডেকা আৰু জেংৰাই নাট্য গোষ্ঠী,দৰঙৰ দলটিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in