মঙলদৈত ভুৱা ডাক্তৰ; ৭ বছৰে স্বাস্থ্য বিভাগৰ চকুত ধূলি দিলে স্বয়ম্ভূ ডাক্তৰে...

মঙলদৈত ভুৱা ডাক্তৰ; ৭ বছৰে স্বাস্থ্য বিভাগৰ চকুত ধূলি দিলে স্বয়ম্ভূ ডাক্তৰে

author-image
Asomiya Pratidin
New Update
মঙলদৈত ভুৱা ডাক্তৰ; ৭ বছৰে স্বাস্থ্য বিভাগৰ চকুত ধূলি দিলে স্বয়ম্ভূ ডাক্তৰে...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰত এজন ভাল চিকিৎসক বিচাৰি হাবাথুৰি খাইছে সাধাৰণ ৰাইজ। কিয়নো অলিয়ে গলিয়ে গিজগিজাই আছে স্বয়ম্ভূ ডাক্তৰ। চহৰখনৰ মাজমজিয়াৰ ২নং ওৱাৰ্ডৰ ষ্টেডিয়াম পথত এখন বৃহৎ হৰ্ডিঙেৰে 'ডাক্তৰ পিংকু নাথ আয়ুৰ্বেদিক ৰিচাৰ্চ চেণ্টাৰ' নামেৰে বিগত ৭ বছৰে চিকিৎসাৰ নামত মানুহক প্ৰেছক্ৰাইব আৰু ঔষধ বিক্ৰী কৰি আহিছে এজন ভুৱা চিকিৎসকে ৷ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে বদহজমত ভোগী ডাক্তৰ পিংকু নাথৰ ওচৰলৈ চিকিৎসাৰ বাবে যোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ঘটনা অনুসৰি ডাক্তৰ পিংকু নাথে ব্যক্তিজনক পৰীক্ষা কৰি কেইবাটাও বেমাৰ থকা বুলি কৈ ঔষধ দিছিল ৷ ডাক্তৰৰ ওচৰলৈ সুস্থতাৰে যোৱা ব্যক্তিজনে ডাক্তৰৰ পৰামৰ্শ অনুসৰি নিজৰ বেমাৰৰ কথা পৰিয়ালৰ লোকক অৱগত কৰে। পৰিয়ালে দুদিন পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে ৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পুনৰ চিকিৎসা কৰি ৰিপৰ্ট দেখি আচৰিত হৈ পৰে সকলো। কিয়নো শৰীৰত নাই কোনো বেমাৰ লক্ষণ ৷

ডাক্তৰ জনৰ এই কাৰবাৰৰ বিষয়ে জানিব পাৰি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ নিৰ্মল বেৰিয়াৰ পৰা ডাক্তৰ পিংকু নাথৰ বিষয়ে জানিব বিচাৰে ভুক্তভোগীয়ে৷ যুটিয়া সঞ্চালক ডাক্তৰ বেৰিয়াই লগে লগে প্ৰাথমিক তদন্ত কৰি ডাক্তৰ পিংকু নাথ নামৰ কোনো ডাক্তৰ চিকিৎসা সেৱা কৰি থকাৰ কথা নাজানো বুলি অৱগত কৰে ৷ পৰৱৰ্তী সময়ত জিলা স্বাস্থ্য বিভাগৰ তদন্তত ওলাল জোলোঙাৰ মেকুৰী।

ডাক্তৰ পিংকু নাথে নীতি বৰ্হিভূত ভাবে নামৰ আগত ডাক্তৰ লিখি জিলা স্বাস্থ্য বিভাগ কিম্বা কোনো বিভাগৰ অনুমতি বিহীন ভাবেই অস্বাস্থ্যকৰ পৰিৱেশত নিজে ঔষধ বনাই বিগত ৭ বছৰে ৰোগীক চিকিৎসা কৰি আহিছে। আৰু সেয়েহে লগে লগে জিলা স্বাস্থ্য বিভাগে বন্ধ কৰিলে ভুৱা ডাক্তৰ পিংকু নাথৰ চেম্বাৰ। বিগত ৭ বছৰে জিলা স্বাস্থ্য বিভাগৰ অগোচৰে অবৈধভাবে কি দৰে চিকিৎসা কৰি আহিছে মুন্নাভাই ৰূপী এম বি বি এছ পিংকু নাথে এই লৈ প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে ৷

আনহাতে অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে ভুৱা ডাক্তৰ পিংকু নাথ ৷ মঙলদৈ চহৰৰ মাজমজিয়াত কোনো বৈধ নথি নোহোৱাকৈ কেনেকৈ চিকিৎসা কৰি আছিল সেয়া এক ডাঙৰ প্ৰশ্ন ৷ দৰং জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে বুধবাৰে সাংবাদিকক জানিবলৈ দিয়ে যে দুদিনৰ ভিতৰত পিংকু নাথে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Also Read: অসম-নাগালণ্ড সীমান্তত জব্দ মণিপুৰ অভিমুখী তিনি শতাধিক গোলাবাৰুদ...

GOVT OF ASSAM assam health and family welfare