দৰং জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন...

দৰং জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন...

Published on

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ দ্বি বাৰ্ষিক অধিৱেশনৰ বাবে দেওবাৰে আদৰণি সমিতি গঠন কৰা হয়। উক্ত সভাখন দলগাঁও শাখা সাহিত্য সভাৰ সভাপতি ধীৰেন নাথ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়। দৰং জিলা সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক গৰুখুটি অধিৱেশনৰ আমন্ত্ৰণ মৰ্মে ৰাজহুৱা সভাৰ উদ্যেশ্য বাখ্যা কৰে দলগাঁও শাখা সাহিত্য সভাৰ সম্পাদক নছিমুদ্দিন আহমেদে। সভাখন অনুষ্ঠিত হয় দলগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আংগিকৰ সভাগৃহত।

সভাখনত দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সহ:সম্পাদক প্ৰবীণ বৰুৱা, ধনভড়ালী হৰি চন্দ্ৰ শৰ্মাই জিলা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে। সভাত দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন লগতে দলগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপনৰ বিষয়ে বহলভাৱে আলোচনা হয়। সভাখনত জ্যেষ্ঠ নাগৰিক সাধন কুমাৰ মজুমদাৰ, ভূৱনেশ্বৰ চহৰীয়া, যোগেন্দ্ৰ চন্দ্ৰ নাথ, নাজিমুদ্দিন আহমেদ, কুশল কুমাৰ চহৰীয়া , উপেন্দ্ৰ নাথ শইকীয়া, বেগম চুলতানা হাচিনা, প্ৰদীপ ঘোষ , কমলা শইকীয়া, ইমদাদুল ইছলাম, মাহবুব ৰহমান খলিফা, সোনপ্ৰভা শইকীয়া, গাজীচালেহ মহম্মদ আনোৱাৰ হুছেইন, ড° ৰিমজিম দত্ত, ফিলছুফ উদ্দিন আহমেদ, ওচমান আলী, বাছিৰ আহমেদ, আক্ৰাম হুছেইন, ৰেজাউল হক চৌধুৰী,আদি বিশিষ্ট ব্যক্তিসকলে দলগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু দলগাওঁ শাখা সাহিত্য সভাৰ সোনালী জয়ন্তী উদযাপনৰ বাবে পূৰ্ণ সমৰ্থন জনাই বক্তব্য ৰাখে।

সভাত বিশ্বজ্যেতি শইকীয়া, অজিহউদ্দিন আহমেদ, ধীৰেন নাথ শইকীয়া, তুলিকা বাৰুতি, ড° বেগম চুলতানা হাচিনাক অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। সভাখনত আগন্তুক দৰং জিলা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশনৰ উপলক্ষে কুশল কুমাৰ চহৰীয়াক সভাপতি, প্ৰদীপ ঘোষক কাৰ্যকৰী সভাপতি , প্ৰনতি দেৱী শইকীয়া, গাজী চালেহ মহম্মদ আনোৱাৰ হুছেইন, মহিবুল ইছলাম খলিফাক উপ সভাপতি, নছিমুদ্দিন আহমেদ, মাহবুব ৰহমান খলিফাক যুটীয়া সম্পাদক, বাছিৰ আহমেদক বিত্তীয় সভাপতি, যোগেন্দ্ৰ চন্দ্ৰ নাথক স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি আৰু নুৰনেহাৰ বেগমক সম্পাদিকা হিচাবে নিৰ্বাচন কৰি ৪১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়।

উদযাপন সমিতিৰ পৰৱৰ্তী সভাত উদযাপন সমিতি সম্প্ৰসাৰণ, অধিৱেশনৰ তাৰিখ, কাৰ্য্যসূচী, বাজেট আদিৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। এই ৰাজহুৱা সভাখনত গীত পৰিৱেশন কৰে জ্যেষ্ঠ শিল্পী অৱনী কুমাৰ চহৰীয়া৷ সভাখনত ৰেজিনা বেগম, দুলাল ৰয়, প্ৰেমদা কলিতা , হাফিজুৰ ৰহমান, কবি কুলচুম আহমেদ, ছামচুল হুদা সহ দলগাঁও, খাৰুপেটীয়া, কৌপাটী, বেছিমাৰী অঞ্চলৰ অৰ্ধ শতাধিক সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থাকে।

দৰং জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন...
জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানগাৰৰ আধাৰশিলা স্থাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in