প্ৰাক্তন ফুটবল খেলুৱৈ বীৰেন ডেকাৰ বিয়োগ : মঙলদৈত শোকৰ ছাঁ

প্ৰাক্তন ফুটবল খেলুৱৈ বীৰেন ডেকাৰ বিয়োগ : মঙলদৈত শোকৰ ছাঁ
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ : বৃহত্তৰ মঙলদৈ অঞ্চলৰ প্ৰাক্তন ফুটবল খেলুৱৈ তথা পকাবাঙি পাৰাৰ বীৰেন ডেকা আৰু নাই। ৫৮ বছৰ বয়সত প্ৰাক্তন খেলুৱৈগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লে কৰা প্ৰয়োজন যে এসময়ত অসমৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে পৰিচিত আছিল বীৰেন ডেকা। ডেকাই মঙলদৈ ইউনাইটেড ক্লাবৰ হৈ ফুটবল লীগ খেলাৰ উপৰিও অসম পুলিচ ফুটবল দল আৰু অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফুটবল দলৰ হৈ অসমৰ বিভিন্ন ঠাইত ফুটবল খেলি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

বুধবাৰে খেলুৱৈগৰাকীয়ে পকাবাঙি পাৰাৰ নিজ বাসগৃহত মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়। মৃত্যুৰ আগলৈ ডেকা মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত হৈ আছিল।

প্ৰাক্তন খেলুৱৈ ডেকাৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেঁও পত্নী আৰু একমাত্ৰ পুত্ৰ, কন্যাক এৰি থৈ যায়।

প্ৰাক্তন ফুটবল খেলুৱৈ বীৰেন ডেকাৰ বিয়োগ : মঙলদৈত শোকৰ ছাঁ
বিপৰ্যয় ৰুধি সূৰ্যকুমাৰৰ হাফচেঞ্চুৰী : আমেৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীৰ জয়ৰ হেট্ৰিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in