ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ মোৱামাৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গৃহত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বহু সংখ্যক সৰু সৰু গাঞ্জাৰ পেকেট। আৰক্ষীয়ে উদ্ধাৰ কৰে দোকান গৃহ, ঘৰৰ আলমাৰী, খেৰৰ পুঁজিৰ তলত সকলোতে সৰু সৰু গাঞ্জাৰ পেকেট।
ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী নাম অৰুণ সৰকাৰ। আৰক্ষীৰ এই অভিযানত সহযোগ কৰে দৰং জিলা বীৰ লাচিত সেনাৰ একাংশ সদস্যই। যুৱ চামক ৰক্ষাৰ স্বাৰ্থত বীৰ লাচিত সেনাই হাতত লৈছে মাদক দ্ৰব্য বিৰোধী অভিযান।
বিশেষ খবৰৰ ভিত্তিত মোৱামাৰী অঞ্চলৰ অৰুন সৰকাৰৰ দোকানত গাঞ্জাকে ধৰি বিভিন্ন মাদক দ্ৰব্য থকাৰ কথা জানিব পাৰি বীৰ লাচিত সেনাৰ দল টোৱে মঙলদৈ আৰক্ষীক খবৰ দিয়াৰ লগতে অভিযানত সম্পূৰ্ণ সহযোগ কৰে। আনহাতে কেচু খান্দোতে ওলাল সাপ। গাঞ্জা বিচাৰি ঘৰৰ আলমাৰী খোলোতে ওলাল সুতত ধন দিয়াৰ নথি পত্ৰ, ওলাল বিভিন্ন জনে দিয়া ব্লেং চেক। এইদৰে দীৰ্ঘদিনৰ পৰা অৰুন সৰকাৰে বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায়ত লিপ্ত হৈ আছিল।
Also Read: অৰুণোদয় আঁচনিৰ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ অসম আৰক্ষী বেটেলিয়ানৰ জোৱান