ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ অসামৰিক চিকিৎসালয়ত বুধবাৰে গধূলি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিয়া মতে দুপৰীয়াৰ ভাগত মঙলদৈ আৰক্ষীয়ে মেনাপাৰাৰ পৰা গিয়াছউদ্দিন নামৰ ২৪ বছৰীয়া যুৱক এজনক মুখেৰে তেজ ওলাই থকা অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল ।
পিছত চিকিৎসকে যুৱকজনৰ অৱস্থা শোচনীয় হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু পৰিয়ালৰ লোকে ল'ৰাজনক বাইহাটা চাৰিআলিৰ ব্যক্তিগত চিকিৎসালয় এখনত ভৰ্তি কৰাই আৰু তাতেই চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।
অৱশেষত মৃত যুৱকজনৰ পৰিয়ালে পুনৰাই মঙলদৈ অসামৰিক চিকিৎসালয়ত মৃতদেহটো ভৰ্তি কৰাবলৈ চেষ্টা চলায়। এই সমগ্ৰ কথাখিনি কৰ্তব্যত থকা মহিলা চিকিৎসকগৰাকীৰ লগত আলোচনা কৰিবলৈ আহোতে কেইজনমান যুৱকে মোবাইলেৰে ভিডিঅ' কৰাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছিল।
তাকে লৈ মৃত যুৱকজনৰ পৰিয়ালৰ লগত অহা একাংশই চিকিৎসক তথা কৰ্তব্যৰত চিকিউৰিটিৰ লগত বাক বিতণ্ডা কৰি পৰিস্থিতি উতপ্ত কৰি তোলে। অৱশেষত চিকিৎসালয় কৰ্তৃপক্ষই মঙলদৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তিনিগৰাকী যুৱকক সোধা-পোচাৰ বাবে থানালৈ লৈ আহে।
পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ল'ৰাকেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বৰ্তমানলৈকে ল'ৰাকেইজনক আৰক্ষী চকীত ৰখা হৈছে।
Also Read: এটা অঞ্চলৰ সভ্যতা-সংস্কৃতি সদায় বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰে : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা