মঙলদৈৰ হাজৰিকাপাৰাত জগদ্ধাত্রী পূজা উদযাপন

মঙলদৈৰ হাজৰিকাপাৰাত জগদ্ধাত্রী পূজা উদযাপন

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ হাজৰিকাপাৰাত জগদ্ধাত্রী পূজা উদযাপন

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰাবাসী ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত ৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাজৰিকাপাৰাত ৪১ সংখ্যক শ্রীশ্রীজগদ্ধাত্রী পূজা উদযাপনৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ চহৰীয়া আৰু সম্পাদকদ্বয় দুর্গাচৰণ শৰ্মা আৰু জয়ন্ত কলিতা (মুন্না)ই সদৰী কৰা অনুসৰি প্রথম দিনা পুৱা প্ৰভাত ফেৰীৰে প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব।

ইয়াৰ পাছতে পৰিবেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ কৰা হ'ব। সন্ধিয়া বন্তি প্রজ্বলন, পূজাস্থলীৰ দ্বাৰ উদ্‌ঘাটন, আইকে আদৰো গৈ, পূজা বেদীত প্রতিমা স্থাপন আৰু নিশা খুঞ্জৰি নাম প্ৰদৰ্শন কৰা হ'ব।

আনহাতে দ্বিতীয় দিনা পুৱা আয়তীৰ পানীতোলা অনুষ্ঠান, ওজাপালি পৰিৱেশন, মালচি, বন্দনাৰ পিচত আয়তীৰ নাম সম্পন্ন কৰা হ'ব। একদৰে উক্ত দিনটোতে মধ্যাহ্নিক পূজা, ওজাপালি পৰিবেশন, বিয়লি সম্বর্ধনা জ্ঞাপন অনুষ্ঠান।

সন্ধিয়া দেওধনী নৃত্য আৰু আৰতি পৰিবেশন কৰা হ'ব। নিশা বাক্সা জিলাৰ গোৰেশ্বৰৰ লভিতা নাথ আৰু দৰং জিলাৰ ঔতলাৰ ভূমিতা ডেকাৰ দলৰ দ্বাৰা পালনাম পৰিবেশন কৰা হ'ব। অন্তিম দিনা বিয়লি আড়ম্বৰপূৰ্ণ শ্রী শোভাযাত্রা উলিয়াই প্রতিমা বিসর্জনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব।

Also Read: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক আটছাৰ মুকলি সমৰ্থন

mangaldai JAGADHATRI PUJA