ওপজা স্থানত জন্মদিন উপলক্ষে ৰাণাদাক স্মৰণ

বুধবাৰে কণ্ঠশিল্পী তথা অসমীয়া সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ ওপজা দিন।

author-image
Asomiya Pratidin
New Update
ওপজা স্থানত জন্মদিন উপলক্ষে ৰাণাদাক স্মৰণ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বুধবাৰে কণ্ঠশিল্পী, সংগীতজ্ঞ তথা অসমীয়া সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ ওপজা দিন। তেখেতৰ ৮০ সংখ্যক জন্মদিনত জন্মস্থান মঙলদৈত জয়ন্ত হাজৰিকা উদ্যানত বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰা হয় দৰদী শিল্পীগৰাকীক।

জন্মদিনৰ কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে বাদ্যযন্ত্ৰী শিল্পী মঞ্চই।

উল্লেখ্য যে, ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰৰ দিনটোত মঙলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই। সংগীত জগতত ৰাণাদা নামেৰে খ্যাত জয়ন্ত হাজৰিকাই ১৯৬২ চনতেই অসমীয়া সাংস্কৃতিক জগতত ভুমুকি মাৰিছিল।

Also Read: ঢকুৱাখনাত গেৰুৱা নেতাই এইবাৰ দখল কৰিলে কবৰ স্থানৰ ভূমি

jayanta hazarika