ডিজিটেল সংবাদ,মঙলদৈ: প্ৰতিবছৰৰ সমান্তৰালকৈ এইবেলিও পাচেতি মহোৎসৱৰ বাবে সাজু হৈছে দৰংবাসী ৰাইজ। ১৬ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ বৰ্ণাঢ্য কাৰ্য ক্ৰমনিকাৰে ৪৫৬ বছৰীয়া ঐতিহ্য বহনকাৰী খটৰা সত্ৰত পৰম্পৰাগত পাচেতি মহোৎসৱ আয়োজন কৰা হৈছে।
১৬ ছেপ্টেম্বৰত এই পাচেতি মহোৎসৱৰ শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ইতিমধ্যে পাচেতি মহোৎসৱ পৰিচালনা কৰাৰ উদ্দেশ্যে বিধায়ক ড° পৰমানন্দ ৰাজবংশীক সভাপতি আৰু সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গংগা বৈশ্যক সম্পাদক হিচাপে লৈ গঠন কৰি দিয়া উদযাপন সমিতি খনে এই মহোৎসৱ উদযাপনক লৈ ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে।
আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ পৰ্যটন মন্ত্রী জয়ন্তমল্ল বৰুৱা, দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি আমন্ত্রিত বিশিষ্ট ব্যক্তিসকল।
পৰৱৰ্তী সময়ত নিশা ৯ বজাত দধিমথন কৃষ্টি পৰিবেশন কৰা হব। ১৭ ছেপ্টেম্বৰৰ পুৱা প্ৰাতঃ প্রসংগ, যান-বাহন শান্তি, ধর্মধ্বজা উত্তোলন, ভাগৱত পাঠ, দধিমথন, সত্রীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হব। ১৮ ছেপ্টেম্বৰৰ পুৱা পুনৰ প্ৰাতঃ প্ৰসংগ, যান-বাহন শান্তি, সাংস্কৃতিক বিচিত্রানুষ্ঠান অনুষ্ঠিত হব।
১৯ ছেপ্টেম্বৰত দিহানাম প্রতিযোগিতা আৰু সন্ধিয়া ধর্মধ্বজা অৱনমনৰ পিছতেই বিপ্র দামোদৰ নাট ভাওনা প্রদর্শন কৰা হব। মহোৎসৱৰ লগত সংগতি ৰাখি খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ সাহায্যার্থে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাস থিয়েটাৰে ১৬, ১৭ আৰু ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া নাট প্রদর্শন কৰিব।
Also Read: চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ঘটিছে নাভূত নাশ্ৰুত ঘটনা