ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱত সোমবাৰে ৰাতিপুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে৷ লোক বিশ্বাস আৰু পৰাম্পৰা অনুযায়ী সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠিত হৈ অহা পাচেতি মহোৎসৱত গাড়ী শান্তি পৰ্ব ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ৷
খটৰা সত্ৰত ভাদ মাহৰ শেষৰ দিনা আৰু আহিনৰ পহিলা দিনা পাচেতি উৎসৱ অনুষ্ঠিত হয়৷ দোমাহীৰ আগদিনা সত্ৰৰ দেউৰীসকলে পৰম্পৰাগতভাৱে অধিবাস পালন কৰে৷ অধিবাস কৰাটো এটি অপৰিহাৰ্য পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে৷ দৰঙত বাসুদেৱ পূজা আৰু গৌন্ধচৌপৰী সভাৰ লগতো এই পৰম্পৰা জড়িত হৈ আছে৷
গোন্ধৰ দিনা সন্ধিয়া সময়ত নামঘৰত নাম-প্ৰসঙ্গ আৰম্ভ কৰা হয়৷ নাম-প্ৰসঙ্গৰ অন্তত দেউৰীয়ে নামঘৰৰ পৰা ভাগৱত পুথিখন শিৰত লৈ পৱিত্ৰতাৰে উলিয়াই আনে৷ লগে লগে গায়ন-বায়নে দেউৰীগৰাকীৰ পিছে পিছে খোলে-তালে হৰিধ্বনি কৰি নামঘৰৰ বাহিৰত ইতিমধ্যে প্ৰস্তুত কৰা মথনি খলাত ধৰ্মপুথিখন ৰখা হয়৷ ইয়াৰ পিছত দেউৰী বা যিকোনো ব্যক্তিয়ে সত্ৰৰ নামঘৰৰ উত্তৰে থকা পুখুৰীত পানী তুলিবলৈ তিৰোতাৰ দৰে সাজ-পাৰ পিন্ধি সুভদ্ৰাৰ ভাও লয়৷ সুভদ্ৰা ৰূপী ব্যক্তিগৰাকীয়ে এখন কাঁহৰ বা তামৰ কাঁহীত ৫গচি চাকি, এজোৰ তামোল-পাণ আৰু ৰূপৰ কলচি লৈ হৰিধ্বনি কৰি উৰুলি জোকাৰে বৰপুখুৰীলৈ পানী তুলিবলৈ যায়৷
সুভদ্ৰা ৰূপী ব্যক্তিগৰাকীয়ে পুখুৰী পাৰত কাঁহীখন থৈ তামোল-পাণযোৰ ভক্তিভাৱে জলদেৱতাক অৰ্পণ কৰে আৰু কটাৰীৰে পানী কাটি ৰূপৰ কলচীত পানী ভৰাই হৰিধ্বনিৰ মাজেৰে নামঘৰৰ সিংহদ্বাৰ পায়৷ তাৰ পাছত ৩বাৰ নামঘৰ প্ৰদক্ষিণ কৰি ইতিমধ্যে সাজু কৰি থোৱা কলচিত পানীখিনি ঢালি দিয়ে৷ ইতিমধ্যে সাজু হৈ থকা কিছু লোকে যশোদা, ৰোহিনী, গোপিনী আৰু শিশুকৃষ্ণৰ ৰূপ লৈ ভাও দি নাচি-বাগি মথনিখলাত প্ৰৱেশ কৰে৷
খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন উৎসৱৰ ভিতৰত পাচেতি উৎসৱ অতি উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়৷ ‘পচতি’, ‘পাচতি’ বা ‘পঁচতি’ উৎসৱ দৰং জিলাত পাচেতি ৰূপে পৰিচিত৷ বহু যুগৰ আগৰে পৰা অসমত প্ৰচলিত এটি অৰ্দ্ধ নাটকীয় অনুষ্ঠান পাচেতি৷
পঁচতি শব্দটিৰ সাধাৰণ অৰ্থ হৈছে ল’ৰা-ছোৱালী জন্ম হ’বৰ ৫দিনৰ মূৰত কৰা এটি জন্মকৃত্য৷ এই পঁচতি বা পাচতি উৎসৱ সাধাৰণ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত অনুষ্ঠিত নহয়৷ শ্ৰীকৃষ্ণৰ জন্মতিথি জন্মাষ্টমীৰ ৫দিনৰ মূৰতহে এই পঁচতি উৎসৱ পালন কৰা হয়৷ পাচতি শব্দৰ মূল বিচাৰি গ’লে পঞ্চতি, পাঞ্চতি আদি পুৰণি ৰূপ পোৱা যায়৷ ইয়াৰ অৰ্থ পাঁচদিনীয়া কৃত্য অৰ্থাৎ জন্মৰ পঞ্চম দিনা পালনীয় লোকাচাৰসমূহ৷
Also Read: ঠিকাভিত্তিক ১৩২৪ গৰাকী কম্পিউটাৰ প্ৰশিক্ষকৰ বাবে শিক্ষামন্ত্ৰীয়ে দিলে ভাল খবৰ