এচিড বিক্ৰী কৰিব নোৱাৰিব দোকানীয়েঃ অপৰাধ হ'লে দোষী হ'ব বিক্ৰেতাও...

এচিড বিক্ৰী কৰা দোকানীয়ে ক্ৰেতাৰ সম্পূৰ্ণ ঠিকনা লিপিবদ্ধ কৰিব লাগিব

author-image
Asomiya Pratidin
New Update
এচিড বিক্ৰী কৰিব নোৱাৰিব দোকানীয়েঃ অপৰাধ হ'লে দোষী হ'ব বিক্ৰেতাও...

এচিড বিক্ৰী কৰিব নোৱাৰিব দোকানীয়েঃ অপৰাধ হ'লে দোষী হ'ব বিক্ৰেতাও...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ জিলা পুথি ভঁৰালত বুধবাৰে দৰং জিলা আইন সেৱা প্ৰাধিকৰণে এখন সজাগতা সভা অনুষ্ঠি কৰে৷ এচিড বিক্ৰী, এচিড আক্ৰমণ, এচিড আক্ৰমণত আঘাট প্ৰাপ্তক চৰকাৰী সাহায্য আদি বিষয়ত সভাত বিতং ভাবে আলোচনা কৰা হয়।

সভাত আইন সেৱা প্ৰাধিকাৰীৰ মুখ্য আইনী প্ৰতিৰক্ষী অধিবক্তা মৃদুল কুমাৰ শৰ্মাই কয় যে এতিয়াৰ পৰা এচিড বিক্ৰী কৰিব নোৱাৰিব সাধাৰণ দোকানীয়ে ৷ এচিড বিক্ৰী কৰা দোকানীয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি পত্ৰ লৈ এচিড বিক্ৰী কৰিব লাগিব।

দোকানীয়ে এচিড ক্ৰেতাৰ সম্পূৰ্ণ ঠিকনা, কি কামত ব্যৱহাৰ কৰিব লিপিবদ্ধ কৰি ১৫ দিনৰ মূৰে মূৰে বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিব লাগিব। কোনো লোক এচিড আক্ৰমণত আঘাট প্ৰাপ্ত হ'লে নিম্নতম সময়ৰ ভিতৰত চিকিৎসা প্ৰদান কৰিব লাগিব আৰু আঘাটৰ পৰিমাণ অনুযায়ী চৰকাৰী সাহায্য লাভ কৰিব।

সভাত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে ব্যৱসায়ীসকলেও অংশগ্ৰহণ কৰে। দৰং আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে এচিড বিক্ৰী কৰা আৰু ক্ৰয় হ’ব লাগিব নঠিভুক্ত, আইন অনুসৰি এচিড আক্ৰমণ হ’লে বিক্ৰেতা দোকানীও অপৰাধী হ'ব বুলি জানিবলৈ দিলে দৰং আইন সেৱা প্ৰাধিকৰণৰ সচিব শতাব্দী ভূঞাই।

Also Read: ট্ৰাম্পৰ পাছত দুৰ্বৃত্তৰ লক্ষ্য কমলা হেৰিছ ! পুনৰ দুৰ্বৃত্তৰ গুলী চালনা...

মঙলদৈ এচিড আক্ৰমণ