"তেজ দিম মাটি নিদিও" মঙলদৈত হুংকাৰ স্থানীয় কৃষকৰ...

বাইপাছক লৈ অনিশ্চয়তা...

author-image
Asomiya Pratidin
New Update
"তেজ দিম মাটি নিদিও" মঙলদৈত হুংকাৰ স্থানীয় কৃষকৰ...

ডিজিটেল সংবাদ,দৰংঃ বিভিন্ন দল-সংগঠনৰ নেৰানেপেৰা আন্দোলনৰ ফলত আৰম্ভ হৈছিল মঙলদৈ বাইপাছ ৷ ৰাইজৰ দাবীক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে আৱন্তন দিছিল কৌটি টকা ব্যয় সাপেক্ষে বৰজামগুৰীৰ পৰা চৰকাৰৰ চ’কলৈ প্ৰায় ন কিলোমিটাৰ বাইপাছ ৷ এতিয়া মাটিৰ অভাৱত পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ উপক্ৰম হৈছে ৷

দৰং জিলা প্ৰশাসনে চৰকাৰী ভূমি আবন্তন দিছিল যদিও বাইপাছৰ বাবে মাটি কাটিব নিদিয়ে দখলীকৃত ৰাইজে। ৰাইজৰ অভিযোগ "ইতিমধ্যে দখলীকৃত ভূমি বাইপাছৰ বাবে এৰি দিছে ৰাইজে। এতিয়া কৃষিভূমি এৰি নিদিয়ে লাগিলে বন্দুকৰ গুলী বুকুপাটি ল’ব৷"

ইফালে যিকোনো পৰিস্থিতিত বাইপাছ নিৰ্মাণ কৰিব বুলি জিলা প্ৰশাসনে বাইপাছ নিৰ্মাণৰ বাবে আবন্তন দিছে চৰকাৰী ভূমি ৷ এই ক্ষেত্ৰত দখলীকৃত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। এতিয়া পৰৱৰ্তী সময়ত বিষয়টিয়ে কি ৰূপ লয় লক্ষণীয় হ’ব ৷

Also Read: হাতিপোতা গাঁৱত বিষাক্ত ৰাছেল ভাইপাৰ উদ্ধাৰ

mangaldai